মুক্তি পালে সিদ্ধাৰ্থ মালহোত্ৰা আৰু জাহ্নৱী কাপুৰৰ ছবি ‘পৰম সুন্দৰী’ৰ ট্ৰেইলাৰ
‘পৰম সুন্দৰী’ ছবিখনৰ ঘোষণাৰ পিছৰে পৰা অনুৰাগীৰ উত্তেজনা তুংগত উঠিছে আৰু দৰ্শকে ইয়াৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। এই প্ৰজেক্টটো বিশেষ কাৰণ প্ৰথমবাৰৰ বাবে সিদ্ধাৰ্থ মালহোত্ৰা আৰু জাহ্নহ কাপুৰৰ যুটি ডাঙৰ পৰ্দাত ৰোমাঞ্চ কৰা দেখা যাব। এতিয়া অপ
মুক্তি পালে সিদ্ধাৰ্থ মালহোত্ৰা আৰু জাহ্নৱী কাপুৰৰ ছবি ‘পৰম সুন্দৰী’ৰ ট্ৰেইলাৰ


‘পৰম সুন্দৰী’ ছবিখনৰ ঘোষণাৰ পিছৰে পৰা অনুৰাগীৰ উত্তেজনা তুংগত উঠিছে আৰু দৰ্শকে ইয়াৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। এই প্ৰজেক্টটো বিশেষ কাৰণ প্ৰথমবাৰৰ বাবে সিদ্ধাৰ্থ মালহোত্ৰা আৰু জাহ্নহ কাপুৰৰ যুটি ডাঙৰ পৰ্দাত ৰোমাঞ্চ কৰা দেখা যাব। এতিয়া অপেক্ষাৰ অন্ত পেলাই মেকাৰসকলে মুকলি কৰিছে এই ৰোমান্টিক কমেডীৰ ট্ৰেইলাৰ।

‘পৰম সুন্দৰী’ত সিদ্ধাৰ্থ মালহোত্ৰাই দিল্লীৰ এজন ধনী আৰু ডাঙৰ ব্যৱসায়ীৰ চৰিত্ৰত দেখা পোৱাৰ বিপৰীতে জাহ্নহ কাপুৰ ‘পৰম সুন্দৰী’ নামৰ এগৰাকী ছোৱালী হৈ পৰিছে, যিগৰাকী কেৰালাৰ আৰু পেছাত এগৰাকী শিল্পী। সম্পূৰ্ণ বেলেগ চিন্তা আৰু স্বভাৱৰ দুজন ব্যক্তি কেনেকৈ ইজনে সিজনৰ প্ৰেমত পৰে তাৰ আভাস ট্ৰেইলাৰত দিয়া হৈছে। কাহিনীটোৰ কেন্দ্ৰবিন্দু হৈছে এই দুয়োৰে অনন্য প্ৰেম কাহিনী।

সিদ্ধাৰ্থ আৰু জাহ্নৱীৰ যুটিয়ে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে, আৰু তেওঁলোকৰ অন স্ক্ৰীণ কেমিষ্ট্ৰীয়ে হৃদয় জয় কৰিছে। 'পৰম সুন্দৰী'ৰ প্ৰযোজক দীনেশ বিজনে ইতিমধ্যে 'স্ত্ৰী ২' আৰু 'ছাৱা'ৰ দৰে সফল ছবিৰে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। তুষাৰ জালোটাৰ পৰিচালিত এই ছবিখন মেডক ফিল্মছৰ বেনাৰত নিৰ্মিত আৰু এতিয়া ২৯ আগষ্টত ছবিগৃহত মুক্তি পাব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande