‘ছন অৱ চৰ্দাৰ ২’ৰ দৰ্শকৰ বাবে নিৰ্মাতাসকলৰ পৰা বৃহৎ উপহাৰ
অজয় দেৱগন আৰু মৃণাল ঠাকুৰ অভিনীত কমেডী-ড্ৰামা ''ছন অৱ চৰ্দাৰ ২'' ছবিগৃহত মুক্তি লাভ কৰে যোৱা ০১ আগষ্টত। মুক্তিৰ পূৰ্বে নিৰ্মাতাসকলে এই ছবিখনৰ পৰা বহু আশা কৰিছিল যদিও বক্স অফিচত বৃহৎ সংখ্যক দৰ্শকক আকৰ্ষণ কৰিবলৈ যেন সংগ্ৰাম কৰি আছে। এনে পৰিস্থিতিত
‘ছন অৱ চৰ্দাৰ ২’


অজয় দেৱগন আৰু মৃণাল ঠাকুৰ অভিনীত কমেডী-ড্ৰামা 'ছন অৱ চৰ্দাৰ ২' ছবিগৃহত মুক্তি লাভ কৰে যোৱা ০১ আগষ্টত। মুক্তিৰ পূৰ্বে নিৰ্মাতাসকলে এই ছবিখনৰ পৰা বহু আশা কৰিছিল যদিও বক্স অফিচত বৃহৎ সংখ্যক দৰ্শকক আকৰ্ষণ কৰিবলৈ যেন সংগ্ৰাম কৰি আছে। এনে পৰিস্থিতিত যদি আপুনি এই ছবিখন চোৱাৰ কথা ভাবিছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ আছে, ‘ছন অৱ চৰ্দাৰ ২’ৰ নিৰ্মাতাসকলে এতিয়া দৰ্শকৰ বাবে লৈ আহিছে এক বিশেষ উপহাৰ।

দৰ্শকে এতিয়া ১২ আগষ্টত মাত্ৰ ৯৯ টকাত চাব পাৰিব 'ছন অৱ চৰ্দাৰ ২'। এই অফাৰ ঘোষণা কৰি মেকাৰসকলে ছ'চিয়েল মিডিয়াত লিখিছে, এইটো আপোনাৰ চিগনেল পাজি... সোনকালে 'ছন অৱ চৰ্দাৰ ২'ৰ টিকট বুকিং কৰক, সেইটোও মাত্ৰ ৯৯ টকাত।

বক্স অফিচৰ ট্ৰেকাৰ ছেকনিলকৰ মতে, ‘ছন অৱ চৰ্দাৰ ২’ মুক্তিৰ ১১ তাৰিখে অৰ্থাৎ দ্বিতীয় সোমবাৰে ১ কোটি টকা উপাৰ্জন কৰিছিল। এনেদৰে ছবিখনৰ বক্স অফিচত মুঠ সংগ্ৰহ ১১ দিনত ৪৩ কোটি টকা হৈছেগৈ। প্ৰায় ১৫০ কোটি টকাৰ বাজেটত নিৰ্মিত এই ছবিখনত অজয় দেৱগন আৰু মৃণাল ঠাকুৰৰ লগতে নীৰু বাজৱা, ৰোশনী ৱালিয়া, কুবৰা সাইট, দীপক ডোবৰিয়াল, সাহিল মেহতা, চাংকি পাণ্ডে আৰু ৰবি কিষাণ আদি অভিনেতাইও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande