বানপানী আৰু ভূমিস্খলনৰ ফলত নেপালৰ দহটা ঘাইপথ সম্পূৰ্ণৰূপে স্তব্ধ
কাঠমাণ্ডু, ০৯ জুলাই (হি.স.)। অবিৰত বৰষুণ আৰু ভূমিস্খলনৰ ফলত দেশৰ সকলো ডাঙৰ নদীৰ বানপানীয়ে সমগ্ৰ দেশৰ দহটা ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। যোৱা নিশাৰ পৰা নেপালৰ অধিকাংশ ঠাইতে অবিৰত বৰষুণ হৈ আহিছে। নেপাল আৰক্ষী মুখ্য কাৰ্যালয়ৰ তথ্য অনুস
भूस्खलन के कारण अवरुद्ध राजमार्ग


কাঠমাণ্ডু, ০৯ জুলাই (হি.স.)। অবিৰত বৰষুণ আৰু ভূমিস্খলনৰ ফলত দেশৰ সকলো ডাঙৰ নদীৰ বানপানীয়ে সমগ্ৰ দেশৰ দহটা ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। যোৱা নিশাৰ পৰা নেপালৰ অধিকাংশ ঠাইতে অবিৰত বৰষুণ হৈ আহিছে।

নেপাল আৰক্ষী মুখ্য কাৰ্যালয়ৰ তথ্য অনুসৰি বন্ধ হৈ থকা পথসমূহৰ ভিতৰত আছে সংখুৱাসভাৰ কোশী ঘাইপথ, পঞ্চথাৰৰ মেচি ঘাইপথ, ৰাছুৱাৰ পাছাং লামু ঘাইপথ, মাকাৱানপুৰৰ কান্তি লোকপাথ, ম্যাগডীৰ দৰবাং পথ, নৱালপাৰাছিৰ পূব-পশ্চিম মহেন্দ্ৰ ঘাইপথ, ডলপাৰ ভেৰী কৰিডৰ, পশ্চিম ৰুকুমৰ জাজাৰকোট-দোলপা কৰিডৰ আৰু জয় পৃথবি বাঝাঙৰ ঘাইপথ।

ইফালে, আন কিছুমান ঘাইপথ আৰু ডাঙৰ পথো ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰে যিবোৰ আংশিকভাৱে মুকলি কৰা হৈছে আৰু পূৰ্বৰ ব্যাঘাতৰ বাবে একমুখী যাতায়ত চলি আছে। ইয়াৰ ভিতৰত আছে বানেপা-ভক্তপুৰ পথ, বাগলুঙৰ কালিগাডকী কৰিডৰ, গুলমিৰ পথৰ এটা অংশ আৰু ৰোলপাৰ শ্বাহিদ ঘাইপথ।

বাগমতী, ৰুদ্ৰমাটি, সুন্দৰীজাল আৰু ধোবিখোলা নদীৰ জলপৃষ্ঠ বিপদৰ চিহ্নৰ ওপৰেৰে বৈ যোৱাৰ বাবে আজি পুৱা কাঠমাণ্ডুত বতৰ বিজ্ঞান বিভাগে এক সতৰ্কবাণী জাৰি কৰিছে। মঙলবাৰে মাজনিশাৰ আশে-পাশে অবিৰত বৰষুণৰ ফলত পানীয়ে বিপদৰ সীমা অতিক্ৰম কৰিলে।

সংমণ্ডল অভিযন্তা আশীষ ভাটে জনোৱা মতে, কাঠমাণ্ডুত বৈ যোৱা সকলো নদীৰ পাৰত বসবাস কৰা লোকসকলক পুৱা ৩ বজাত মোবাইলত এছএমএছৰ জৰিয়তে এক সতৰ্কবাণী জাৰি কৰা হৈছে।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande