নতুন দিল্লী, ০৫ জুলাই (হি.স)। বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৭-৮ জুলাইত কম্বোডিয়া আৰু ১০-১১ জুলাইত মালয়েছিয়া ভ্ৰমণ কৰিব। এই তথ্য শনিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক আনুষ্ঠানিক বিবৃতিত প্ৰদান কৰিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে কম্বোডিয়া আৰু ভাৰতৰ মাজত শতিকা পুৰণি সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্ক আছে। দুয়োখন দেশৰ মাজত উন্নয়নমূলক সহযোগিতাও জনকেন্দ্ৰিক হৈ আহিছে। পাৰস্পৰিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত পবিত্ৰ মাৰ্ঘেৰিটাই কম্বোডিয়াৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰাৰ লগতে আইটিইচি / আইচিচিআৰৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰিব।
তেওঁ কম্বোডিয়াৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহত ভাৰতে কৰি থকা সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ কামৰ পৰ্যালোচনা কৰিব। এই স্থানসমূহ ভাৰত-কম্বোডিয়াৰ ভাগ-বতৰা কৰা সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক।
ইয়াৰ পিছত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ১০-১১ জুলাইত মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰ ভ্ৰমণ কৰিব। বৰ্তমানৰ আছিয়ান অধ্যক্ষ মালয়েছিয়াৰ আমন্ত্ৰণত আছিয়ান-ইণ্ডিয়া, ইষ্ট এছিয়া ছামিট (ইএএছ) আৰু আছিয়ান ৰিজিঅ’নেল ফ’ৰাম (এআৰএফ)ৰ দৰে গুৰুত্বপূৰ্ণ বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰিব।
ভাৰত আৰু আছিয়ানৰ সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্ক আছে। ভাৰতৰ ‘এক্ট ইষ্ট পলিচি’ আৰু ‘ইণ্ডো-পেচিফিক ভিজন’ৰ ভিত্তি হৈছে আছিয়ান। মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে আছিয়ানৰ কেন্দ্ৰীয়তা, ঐক্য আৰু ‘আছিয়ান আউটলুক অন ইণ্ডো-পেচিফিক’ (এ অ’ আই পি)ৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক পুনৰ গুৰুত্ব আৰোপ কৰিব।
ইয়াৰ উপৰিও পবিত্ৰ মাৰ্ঘেৰিটাই আছিয়ান সম্পৰ্কীয় বৈঠকৰ উপৰি আন দেশৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতেও দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া