কাঠমাণ্ডু, ০৫ জুলাই (হি.স.)। নেপাল এয়াৰলাইন্সক দুখন এয়াৰবাছ এ৩৩০ জেট বিমান যোগান ধৰা বিমান সেৱা সংস্থা এ এ আৰ কৰ্পৰ মুখ্য কাৰ্যবাহী বিষয়া নেপালী মূলৰ নাগৰিক দীপক শৰ্মাক আমেৰিকাৰ আদালতে তিনি বছৰৰ কাৰাদণ্ড বিহিছে । বিমান যোগানৰ সময়ত পেৰামিটাৰ আৰু মূল্য সলনি কৰিবলৈ উৎকোচ হিচাপে ৬০ লাখ মাৰ্কিন ডলাৰ দিয়াৰ অভিযোগত আদালতে শৰ্মাক দোষী সাব্যস্ত কৰিছিল।
ৱাশ্বিংটনৰ জিলা ন্যায়াধীশ অশোক মেহতাই দীপক শৰ্মাক তিনি বছৰৰ কাৰাদণ্ড প্ৰদান কৰাৰ সময়তে তেওঁক প্ৰথম ছমাহ আৱাসিক কমিউনিটি চেণ্টাৰত কটাবলৈ, ২০০ ঘণ্টাৰ কমিউনিটি সেৱা সম্পূৰ্ণ কৰিবলৈ আৰু তাৰ পিছত আমেৰিকাৰ পৰা স্ব-বিতাড়িত কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰিও শৰ্মাক ১ লাখ ৫০ হাজাৰ ডলাৰ জৰিমনা ভৰিবলগীয়া হোৱাৰ লগতে ১ লাখ ৩০ হাজাৰ ৮৩৫ ডলাৰৰ সম্পত্তি জব্দ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। যদিও শৰ্মাই সৰ্বোচ্চ ৬০ মাহৰ কাৰাদণ্ড বিচাৰিছিল, ফেডাৰেল প্ৰচিকিউটৰসকলে তদন্তত তেওঁৰ সহযোগিতাৰ কথা উল্লেখ কৰি ৪০ মাহৰ কম কাৰাদণ্ডৰ বাবে অনুৰোধ জনাইছিল। শৰ্মাইও আদালতৰ সন্মুখত নিজৰ এই কাৰ্যৰ বাবে অনুশোচনা প্ৰকাশ কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া