কাঠমাণ্ডু, ০৫ জুলাই (হি.স.)। নতুন বাজেটত নেপাল চৰকাৰে ভাৰতৰ পৰা অহা নাগৰিকসকলক ৫০০০ মাৰ্কিন ডলাৰ বা সমতুল্য ভাৰতীয় মুদ্ৰা লগত লৈ যাবলৈ অনুমতি দিছে। ইয়াৰ উপৰিও শুল্ক বিভাগক অৱগত কৰি অতিৰিক্ত ৫০০০ ডলাৰও আনিব পাৰিব।
শনিবাৰে বাজেট সন্দৰ্ভত আয়োজিত এক কাৰ্যসূচীত নেপালৰ বিত্তমন্ত্ৰী বিষ্ণু পৌডেলে কয় যে ভাৰতীয় নাগৰিকে মাত্ৰ ২৫ হাজাৰ টকাহে লগত লৈ আহিব পাৰে। ইয়াৰ বাবেই তেওঁলোক যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। চৰকাৰে ইয়াৰ সীমা ৪,২৭,৫০০ টকা (৫০০০ মাৰ্কিন ডলাৰ)লৈ বৃদ্ধি কৰিছে। তেওঁ কয় যে ভাৰতৰ পৰা শুল্কক অৱগত নকৰাকৈ নেপাললৈ অহা পৰ্যটক, তীৰ্থযাত্ৰী বা আন ধৰণৰ ভ্ৰমণকাৰীয়ে এতিয়া নিজৰ লগত ৫০০০ মাৰ্কিন ডলাৰ পৰ্যন্ত নগদ ধন লৈ আহিব পাৰিব। এই ধনৰ বাবে তেওঁলোকক জেৰা কৰা নহ’ব।
পৌডেলে কয় যে নেপাল চৰকাৰে ভাৰতীয় নাগৰিকে ইয়াত মুক্তভাৱে খৰচ কৰাটো বিচাৰে, গতিকে এই ব্যৱস্থা কৰা হৈছে। কিন্তু ইয়াত ব্যৱহাৰিক অসুবিধা আছে কাৰণ ১০০ৰ ওপৰৰ ভাৰতীয় নোট নেপালত আইনগতভাৱে বৈধ নহয়। ইয়াৰ বাবে নেপাল ৰাষ্ট্ৰ বেংকে ভাৰতীয় ৰিজাৰ্ভ বেংকক অনুৰোধ জনাইছে যে নেপালত কমেও পাঁচশ ভাৰতীয় নোট বৈধকৰণৰ অনুমতি দিব লাগে যাতে ভাৰতীয় পৰ্যটকে সহজে নেপালত পাঁচশ নোট ব্যৱহাৰ কৰিব পাৰে।
বিত্তমন্ত্ৰী পৌডেলে কয় যে ভাৰতীয় ই-ৱালেট কোম্পানীয়ে নেপালত কাম কৰে, যাৰ ফলত ভাৰতীয় নাগৰিকে ধন পৰিশোধ কৰাটো অতি সহজ হৈ পৰিছে। দুয়োখন দেশৰ মাজত হোৱা চুক্তিৰ পাছত এই সময়ত নেপাল ভ্ৰমণ কৰা ভাৰতীয় পৰ্যটকে গুগল পে, ফোন পে, ইউ পি আই আৰু ভীম এপৰ জৰিয়তে নিৰ্দিষ্ট সীমা পৰ্যন্ত ধন পৰিশোধ কৰি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া