অহন পাণ্ডে আৰু অনিত পোদ্দাৰ ৰোমান্টিক নাট্য ছবি ‘ছাইয়াৰা’ ছবিগৃহত মুক্তি পোৱা ৫ দিন হ’ল। ১৮ জুলাইত মুক্তি পোৱা ছবিখনে প্ৰথম দিনাৰ পৰাই বক্স অফিচত এক সুন্দৰ আৰম্ভণি কৰিছিল। এতিয়া মুক্তিৰ পঞ্চম দিনতো থমকি ৰোৱা নাই ছবিখনৰ উপাৰ্জন। মাত্ৰ ৫ দিনৰ ভিতৰতে ঘৰুৱা বক্স অফিচত ১৩২ কোটিতকৈ অধিক উপাৰ্জন কৰি চলিত বৰ্ষৰ অন্যতম দ্ৰুত উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে ‘ছাইয়াৰা’।
বক্স অফিচ ট্ৰেকাৰ চাকনিল্কৰ তথ্য অনুসৰি মুক্তিৰ পঞ্চম দিন মঙলবাৰে ‘ছাইয়াৰা’ই ২৫ কোটি টকাৰ এক বৃহৎ ব্যৱসায় কৰিছিল। ইয়াৰ লগে লগে ছবিখনৰ মুঠ সংগ্ৰহ এতিয়া ১৩২.২৫ কোটি টকা হৈছেগৈ। ছবিখনে প্ৰথম দিনাই ২১.৫ কোটি টকাৰে সুদৃঢ় আৰম্ভণি কৰাৰ বিপৰীতে দ্বিতীয় দিনা ২৬ কোটি টকা উপাৰ্জন কৰে। তৃতীয় দিনা উপাৰ্জন ৩৫.৭৫ কোটি টকা আৰু চতুৰ্থ দিনা ছবিখনে ২৪ কোটি টকাৰ ব্যৱসায় কৰে। মাত্ৰ ৪৫ কোটি টকাৰ বাজেটত নিৰ্মিত ‘ছাইয়াৰা’ই মাত্ৰ ৫ দিনতে খৰচৰ প্ৰায় তিনিগুণ আদায় কৰি এই বছৰৰ অন্যতম ডাঙৰ হিট ছবি হিচাপে পৰিগণিত হৈছে।
ইয়াৰ পূৰ্বে ‘আৱাৰাপন’ আৰু ‘আশিকী-২’ৰ দৰে হিট ছবিৰে নিজৰ নাম উজলাই তোলা বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা মোহিত ছুৰীয়ে পৰিচালনা কৰিছে ‘ছাইয়াৰা’। এইবাৰ মোহিতে যশ ৰাজ ফিল্মছৰ সৈতে অংশীদাৰিত্ব কৰি এটা আৱেগিক আৰু ৰোমান্টিক কাহিনী উপস্থাপন কৰিছে। ছবিখনৰ প্ৰযোজক অক্ষয় বিধানীয়ে, ইয়াৰ কাহিনী ৰচনা কৰিছে সংকল্প সদন আৰু ৰোহন শংকৰে। আহান পাণ্ডে আৰু অনিত পদ্দাৰ কেমিষ্ট্ৰী দৰ্শকে ভাল পাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া