বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা বনী কাপুৰ এইবাৰ শিৰোনাম দখল কৰিছে তেওঁৰ কোনো এখন ছবিৰ বাবে নহয়, বৰঞ্চ তেওঁৰ আচৰিত শাৰীৰিক ৰূপান্তৰৰ বাবে। জিমলৈ নোযোৱাকৈয়ে প্ৰায় ২৬ কেজি ওজন কমাই সকলোকে আচৰিত কৰি তুলিছে। বনী কাপুৰৰ এই ফিটনেছ ৰূপান্তৰ কেৱল প্ৰেৰণাদায়ক নহয়, ইয়াৰ পৰাই বুজা যায় যে দৃঢ়তা আৰু অনুশাসনৰ দ্বাৰা যিকোনো বয়সতে পৰিৱৰ্তন সম্ভৱপৰ।
ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বনী কাপুৰৰ নতুন ৰূপৰ ফটো। তেওঁৰ নতুন ৰূপটো দেখি অনুৰাগী আৰু চেলিব্ৰিটিসকলে তেওঁক তীব্ৰ প্ৰশংসা কৰিছে। মানুহে কৈছে যে বনী কাপুৰৰ এই অৱতাৰটো সম্পূৰ্ণ নতুন আৰু শক্তিশালী।
সংবাদ মাধ্যমৰ বাতৰি যদি বিশ্বাস কৰিব লাগে তেন্তে খাদ্য নিয়ন্ত্ৰণৰ জৰিয়তে বনী কাপুৰে সম্পূৰ্ণ ওজন কমিছে। দৈনন্দিন জীৱনত এক বিশেষ পৰিৱৰ্তন কৰি তেওঁ ৰাতিৰ আহাৰ খোৱাৰ সলনি কেৱল চূপহে ল’বলৈ আৰম্ভ কৰিছে। একে সময়তে তেওঁ ব্ৰেকফাষ্ট কৰে ফলৰ ৰস আৰু জোৱাৰ ৰোটিৰ দৰে লঘু আৰু পুষ্টিকৰ বিকল্পৰ সৈতে।
এজন বিখ্যাত চেলিব্ৰিটি ফটোগ্ৰাফাৰে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা বনী কাপুৰৰ কিছু নতুন ছবি, য’ত তেওঁৰ পৰিৱৰ্তিত ৰূপ স্পষ্টকৈ দেখা যায়, এই পৰিৱৰ্তনক উদযাপনৰ বাবে ছবি নিৰ্মাতাই তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰিছে।
ইফালে প্ৰযোজক বনী কাপুৰে পুনৰবাৰ প্ৰয়াত পত্নী শ্ৰীদেৱীক স্মৰণ কৰি এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে। তেওঁ ইনষ্টাগ্ৰামত শ্ৰীদেৱীৰ এখন পুৰণি ছবি শ্বেয়াৰ কৰি কেপচনত লিখিছে, তাই মোৰ ফালে ওপৰৰ পৰা চাই হাঁহিছে। এই ছবিখন আমাৰ বিয়াৰ আগৰ।
মন কৰিবলগীয়া যে বনী কাপুৰে প্ৰায়ে শ্ৰীদেৱীৰ সৈতে কটোৱা মুহূৰ্তবোৰ মনত পেলাই ছ’চিয়েল মিডিয়াত তেওঁৰ ছবি শ্বেয়াৰ কৰে আৰু নিজৰ আৱেগক শব্দৰে প্ৰকাশ কৰে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী