এমাজন প্ৰাইম ভিডিঅ’ই ঘোষণা কৰিছে ‘টু মাচ উইথ কাজোল এণ্ড টুইংকল’ নামৰ নতুন টক শ্ব’। এই আকৰ্ষণীয় অনুষ্ঠানটো আয়োজন কৰিব দুগৰাকী সুপৰিচিত আৰু স্পষ্টবাদী ব্যক্তিত্ব - কাজোল আৰু টুইংকল খান্নাই। এই অনুষ্ঠানটোৱে দৰ্শকক হাস্যৰস, কথোপকথন আৰু মহান অতিথি সাক্ষাৎকাৰৰ এক নতুন সোৱাদ দিব। আমাজন প্ৰাইম ভিডিঅ’ত এই অনুষ্ঠানটো চাব পাৰিব যদিও মুক্তিৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই। বানিজয় এছিয়াই প্ৰযোজনা কৰা এই টক শ্ব’টো শেহতীয়াকৈ শ্ব’টোৰ প্ৰথমখন পোষ্টাৰ মুকলি কৰা হৈছে, যাৰ ফলত দৰ্শকৰ মাজত কৌতুহল বাঢ়িছে।
এমাজন প্ৰাইম ভিডিঅ’ই নতুন টক শ্ব’ ‘টু মাচ উইথ কাজোল এণ্ড টুইংকল’ৰ প্ৰথম পোষ্টাৰ শ্বেয়াৰ কৰি লিখিছে, “তেওঁলোকৰ হাতত সকলো টেঙা খবৰ আছে আৰু ই ইমানেই ধেমেলীয়া যে আপুনি ইয়াক মিছ কৰিব নোৱাৰে।” এই অনুষ্ঠানত চলচ্চিত্ৰ জগতৰ চেলিব্ৰিটিসকলে অংশগ্ৰহণ কৰিব আৰু শ্ব’টোৰ আয়োজক কাজোল আৰু টুইংকল খান্নাৰ সৈতে আকৰ্ষণীয় আৰু স্পষ্টবাদী কথা-বতৰা হোৱা দেখা যাব।
‘টু মাচ উইথ কাজোল এণ্ড টুইংকল’ কেৱল গ্লেমাৰ আৰু মজাৰে ভৰাই নহয়, অতিথিসকলৰ ব্যক্তিগত জীৱনৰ অকথিত কাহিনী, তেওঁলোকৰ কেৰিয়াৰৰ উত্থান-পতন আৰু পৰ্দাৰ আঁৰৰ ধেমেলীয়া কাহিনীও উন্মোচন কৰিব। এই অনুষ্ঠানটো দৰ্শকৰ বাবে মনোৰঞ্জন আৰু কথোপকথনৰ এক নিখুঁত মাত্ৰা হ’ব।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী