আমিৰ খানৰ ছবি ‘সীতাৰে জমীন পৰ’ মুক্তি পোৱাৰ ১০ দিন হ’ল। ২০ জুনত ছবিগৃহত মুক্তি পোৱা এই ছবিখনে প্ৰথম দিনাৰ পৰাই দৰ্শকৰ মন জয় কৰি বক্স অফিচত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। কাজোলৰ ছবি ‘মা’ ছবিগৃহত ভুমুকি মাৰিলেও ‘সীতাৰে জমীন পৰ’ ছবিখনে নিজৰ দখল বজাই ৰাখিছে।
বক্স অফিচ ট্ৰেকাৰ চাকনিল্কৰ মতে আমিৰ খানৰ ছবি ‘সীতাৰে জমীন পৰ’ মুক্তিৰ ১২ তাৰিখে অৰ্থাৎ দ্বিতীয় মঙলবাৰে প্ৰায় ৪ কোটি টকা উপাৰ্জন কৰিছে। ইয়াৰ লগে লগে ভাৰতত ছবিখনৰ বক্স অফিচত মুঠ সংগ্ৰহ ১৩০.৪০ কোটি টকা হৈছেগৈ। বৰ্তমান ছবিগৃহত চলি থকা কাজোলৰ আৱেগিক নাট্য ছবি ‘মা’ আৰু বিষ্ণু মাঞ্চুৰ পৌৰাণিক একচন ছবি ‘কন্নপ্পা’ৰ সৈতে পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও ছবিখনে দৰ্শকৰ ভাল সঁহাৰি লাভ কৰিছে। ইয়াৰ পিছতো ‘সীতাৰে জমীন পৰ’য়ে নিজৰ দখল অক্ষুণ্ণ ৰাখিছে আৰু এই ছবিখন আমিৰ খানৰ বাবে এক চমকপ্ৰদ প্ৰত্যাৱৰ্তন হিচাপে প্ৰমাণিত হৈছে।
আমিৰ খান আৰু জেনেলিয়া ডিছৌজাৰ যুটিয়ে প্ৰথমবাৰৰ বাবে ৰূপালী পৰ্দাত দেখা দিছে ‘সীতাৰে জামিন পৰ’ত। ছবিখনত জেনেলিয়াই আমিৰৰ পত্নী সুনীতাৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে আমিৰক দেখা গৈছে এজন কুখ্যাত বাস্কেটবল প্ৰশিক্ষক গুলচনৰ চৰিত্ৰত। ডাউন চিণ্ড্ৰমৰ আধাৰত নিৰ্মিত এই ছবিখনৰ কাহিনী আৰ এছ প্ৰসন্নৰ দ্বাৰা পৰিচালিত। আমিৰ খানে প্ৰাক্তন পত্নী কিৰণ ৰাওৰ সৈতে এই প্ৰজেক্টটো প্ৰযোজনা কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া