পদ্ম বঁটা ২০২৬ৰ বাবে মনোনয়নৰ অন্তিম তাৰিখ ৩১ জুলাই
নতুন দিল্লী, ০২ জুলাই (হি.স.)। গণৰাজ্য দিৱস উপলক্ষে ঘোষণা হ’বলগীয়া সন্মানীয় পদ্ম বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শ আমন্ত্ৰণ জনোৱা হৈছে। ১৫ মাৰ্চৰ পৰা আৰম্ভ হৈছে অনলাইন মনোনয়ন প্ৰক্ৰিয়া।ইচ্ছুক নাগৰিকে ৰাষ্ট্ৰীয় বঁটা পৰ্টেলৰ জৰিয়তে ২০২৫ চনৰ ৩১ জুলাই
পদ্ম বঁটা


নতুন দিল্লী, ০২ জুলাই (হি.স.)। গণৰাজ্য দিৱস উপলক্ষে ঘোষণা হ’বলগীয়া সন্মানীয় পদ্ম বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শ আমন্ত্ৰণ জনোৱা হৈছে। ১৫ মাৰ্চৰ পৰা আৰম্ভ হৈছে অনলাইন মনোনয়ন প্ৰক্ৰিয়া।ইচ্ছুক নাগৰিকে ৰাষ্ট্ৰীয় বঁটা পৰ্টেলৰ জৰিয়তে ২০২৫ চনৰ ৩১ জুলাইলৈকে মনোনয়ন বা পৰামৰ্শ আগবঢ়াব পাৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বুধবাৰে এক বিবৃতিত এই তথ্য প্ৰদান কৰে।

মন্ত্ৰালয়ৰ মতে, মনোনয়ন পত্ৰৰ লগতে চমু বৰ্ণনা আৰু সৰ্বাধিক ৮০০ শব্দৰ বৰ্ণনাত্মক উদ্ধৃতি দিয়াটো প্ৰয়োজনীয়, য’ত মনোনীত ব্যক্তিজনৰ আকৰ্ষণীয় কৃতিত্ব বা সেৱাৰ বিষয়ে স্পষ্টকৈ উল্লেখ কৰা হৈছে। মনোনয়ন প্ৰক্ৰিয়া, নিৰ্দেশনা আৰু অন্যান্য সবিশেষ গৃহ মন্ত্ৰালয়ৰ ৱেবছাইট আৰু পদ্ম বঁটা পৰ্টেলত উপলব্ধ।

পদ্ম বঁটা (পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী) দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানৰ ভিতৰত গণ্য কৰা হয়। ১৯৫৪ চনৰ পৰা আৰম্ভ হোৱা এই বঁটাসমূহ প্ৰতি বছৰে গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰা হয়। তেওঁলোকৰ উদ্দেশ্য হৈছে শিল্প, সাহিত্য, শিক্ষা, চিকিৎসা, বিজ্ঞান, সমাজসেৱা, ক্ৰীড়া, অভিযান্ত্ৰিক, অসামৰিক সেৱা, উদ্যোগ আদিৰ ক্ষেত্ৰত বিশেষ আৰু অসাধাৰণ অৱদান আগবঢ়োৱা লোকসকলক সন্মান জনোৱা।

বৰ্তমান চৰকাৰে পদ্ম বঁটাক জনতাৰ পদ্ম হিচাপে গঢ়ি তোলাৰ সংকল্প লৈছে। ইয়াৰ অধীনত এতিয়া যিকোনো নাগৰিকে যিকোনো প্ৰাপ্য ব্যক্তিক মনোনীত কৰিব পাৰিব, আনকি আত্ম মনোনয়নও কৰিব পাৰিব। মহিলা, বঞ্চিত শ্ৰেণী, অনুসূচিত জাতি আৰু জনজাতি, দিব্যাংজান আৰু সমাজৰ বাবে নিস্বাৰ্থ সেৱা কৰা লোকসকলক প্ৰাধান্য দিবলৈ আহ্বান জনোৱা হৈছে। যদিও এই বঁটা চৰকাৰী কৰ্মচাৰীক দিয়া নহয়, চিকিৎসক আৰু বিজ্ঞানীসকলক এই নিয়মৰ পৰা ৰেহাই দিয়া হৈছে। ৰাজহুৱা খণ্ডত কৰ্মৰত বাকী থকা চৰকাৰী কৰ্মচাৰীসকলক এই বঁটাৰ বাবে যোগ্য বুলি বিবেচিত হোৱা নাই।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande