কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক মুখ্যমন্ত্ৰী শৰ্মাৰ সাক্ষাৎ
- অসমৰ আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা বৈঠক গুৱাহাটী/নতুন দিল্লী, ০২ জুলাই (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি ৰাজ্যত চলি থকা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ অ
কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক মুখ্যমন্ত্ৰী শৰ্মাৰ সাক্ষাৎ


- অসমৰ আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা বৈঠক

গুৱাহাটী/নতুন দিল্লী, ০২ জুলাই (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি ৰাজ্যত চলি থকা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই পৰ্যালোচনা বৈঠক কেন্দ্ৰীয় মন্ত্ৰীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত হয়।

বৈঠকৰ সময়ত মুখ্যমন্ত্রীয়ে ৰাজ্যত চলি থকা ৰাষ্ট্রীয় ঘাইপথ প্রকল্পসমূহ সময়মতে ৰূপায়ণৰ বাবে মন্ত্র্যালয়ৰ ওচৰত সহযোগিতা বিচাৰি আবেদন জনায়৷ এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে আশ্বাস দিয়ে যে উত্তৰ-পূব অঞ্চলৰ সংযোগ বৃদ্ধি, বাণিজ্যিক পথ শক্তিশালী আৰু অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে অসমৰ প্ৰকল্পসমূহক তেওঁৰ মন্ত্ৰালয়ে অগ্ৰাধিকাৰ দিব।

বৈঠকৰ অন্তত মুখ্যমন্ত্রীয়ে এক্সত লিখিছে, আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীৰ সৈতে এক ফলপ্ৰসূ বৈঠক অনুষ্ঠিত হয়। অসমৰ বৃহৎ আন্তঃগাঁথনি প্ৰকল্পসমূহৰ অগ্ৰগতি পুনৰীক্ষণ কৰি সময়মতে সম্পূৰ্ণ হোৱাৰ বাবে তেওঁৰ মন্ত্ৰালয়ৰ পৰা সহযোগিতা বিচাৰিছে। এই দিশত মন্ত্ৰালয়ক সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিছে মন্ত্ৰীগৰাকীয়ে।

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়েও এই বিনিময় সন্দৰ্ভত তথ্য ভাগ-বতৰা কৰি লিখিছে, আজি দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অসমত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰা হয়। এই প্ৰকল্পসমূহে উত্তৰ-পূব অঞ্চলৰ আঞ্চলিক সংযোগ বৃদ্ধি কৰিব, বাণিজ্যিক পথ উন্নত কৰিব আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব।

বৈঠকত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মুখ্যমন্ত্ৰীৰ মুখ্য সচিব ড° কে কে দ্বিবেদী আৰু পথ পৰিবহণ মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে আইচিআইচিআই ফাউণ্ডেশ্যন আৰু আইচিআইচিআই বেংকৰ এটা প্ৰতিনিধি দলক নিজৰ বাসগৃহত সাক্ষাৎ কৰে। ইয়াৰ সময়ত অসমত চলি থকা চি এছ আৰ পদক্ষেপসমূহ শক্তিশালী কৰা, সম্প্ৰসাৰণ কৰা আৰু ক্ষুদ্ৰ ঋণ গ্ৰহণকাৰীসকলৰ ঋণৰ সুবিধা বৃদ্ধিৰ ওপৰত আলোচনা কৰা হয়।

ইয়াৰ উপৰিও লাইফকেয়াৰ লিমিটেডৰ অধ্যক্ষ জয়শ ছাইনীয়েও মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি কোম্পানীটোৰ আগন্তুক পৰিকল্পনা আৰু অসমৰ স্বাস্থ্য খণ্ডত বিনিয়োগৰ ৰূপৰেখা ভাগ কৰে। উল্লেখযোগ্য যে কেনিয়াৰ এই কোম্পানীটোৱে ফেব্ৰুৱাৰী মাহত গুৱাহাটীত অনুষ্ঠিত এডভান্টেজ আছাম ২.০ শীৰ্ষ সন্মিলনৰ সময়ত স্বাস্থ্য খণ্ডত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande