অলংকাৰ বজাৰখনৰ উত্থান, সোণ আৰু ৰূপৰ চমক বৃ্দ্ধি
নতুন দিল্লী, ০২ জুলাই (হি.স.)। যোৱা কেইবাদিনো ধৰি ধাৰাবাহিকভাৱে হ্ৰাস পোৱাৰ পিছত আজি ঘৰুৱা অলংকাৰ বজাৰত তীব্ৰ উত্থান দেখা গৈছে। আজি সোণ ৯২০ টকাৰ পৰা ১ হাজাৰ টকা প্ৰতি ১০ গ্ৰামত দামী হৈ পৰিছে। একেদৰে আজি ৰূপৰ মূল্যও ৩ হাজাৰ টকা বৃদ্ধি পাইছে। মূল্যবৃদ্
সোণ–ৰূপ


নতুন দিল্লী, ০২ জুলাই (হি.স.)। যোৱা কেইবাদিনো ধৰি ধাৰাবাহিকভাৱে হ্ৰাস পোৱাৰ পিছত আজি ঘৰুৱা অলংকাৰ বজাৰত তীব্ৰ উত্থান দেখা গৈছে। আজি সোণ ৯২০ টকাৰ পৰা ১ হাজাৰ টকা প্ৰতি ১০ গ্ৰামত দামী হৈ পৰিছে। একেদৰে আজি ৰূপৰ মূল্যও ৩ হাজাৰ টকা বৃদ্ধি পাইছে। মূল্যবৃদ্ধিৰ বাবে আজি দেশৰ প্ৰায়বোৰ বুলিয়ন বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৮,৪১০ টকাৰ পৰা ৯৮,৫৬০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে আজি ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯০,২১০ টকাৰ পৰা ৯০,৩৬০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ৰূপৰ মূল্য বৃদ্ধিৰ বাবে এই চিকচিকিয়া ধাতু আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ১,১০,৭০০ টকাৰ স্তৰত থাকিল।

দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৮,৫৬০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯০,৩৬০ টকা ৰেকৰ্ড কৰা হৈছে। আনহাতে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৮,৪১০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯০,২১০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ৯৮,৪৬০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯০,২৬০ টকা ৰেকৰ্ড কৰা হৈছে। এই ডাঙৰ চহৰসমূহৰ উপৰিও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৮,৪১০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯০,২১০ টকাত বিক্ৰী হৈছে। কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৮,৪১০ টকা আৰু ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯০,২১০ টকা।

আজি লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৮,৫৬০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯০,৩৬০ টকাৰ স্তৰত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য ৯৮,৪৬০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯০,২৬০ টকা। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৮,৫৬০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯০,৩৬০ টকাত বিক্ৰী হৈছে।

দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ বুলিয়ন বজাৰত সোণৰ মূল্য দামী হৈ পৰিছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেটৰ সোণৰ মূল্য ৯৮,৪১০ টকা। একেদৰে এই তিনিখন চহৰৰ বুলিয়ন বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯০,২১০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande