ভুৱা আৰু নিম্নমানৰ ঔষধৰ বিৰুদ্ধে কঠোৰ ড্ৰাগছ ব’ৰ্ড
নতুন দিল্লী, ১৮ জুলাই (হি.স.)। কেন্দ্ৰীয় ঔষধি মানদণ্ড নিয়ন্ত্ৰক সংস্থা (ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যন) চমুকৈ চিডিএছচিওৱে জুন মাহত লোৱা নমুনাৰ ভিত্তিত নিম্নমানৰ বা ভুৱা ঔষধৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকা অনুসৰি মুঠ ১৮৫টা ঔষধৰ নমুনা মানক
ড্ৰাগছ ব’ৰ্ড


নতুন দিল্লী, ১৮ জুলাই (হি.স.)। কেন্দ্ৰীয় ঔষধি মানদণ্ড নিয়ন্ত্ৰক সংস্থা (ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যন) চমুকৈ চিডিএছচিওৱে জুন মাহত লোৱা নমুনাৰ ভিত্তিত নিম্নমানৰ বা ভুৱা ঔষধৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকা অনুসৰি মুঠ ১৮৫টা ঔষধৰ নমুনা মানক মানদণ্ডৰ নহয় বুলি ধৰা পৰিছে। ইয়াৰ লগতে ৪ টা ঔষধ ভুৱা বুলি ধৰা পৰে।

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে চিডিএছচিঅ’ই অমান্য আৰু ভুৱা ঔষধৰ তালিকা প্ৰস্তুত কৰিছে, যিখন পৰ্টেলতো উপলব্ধ। ইয়াৰ অধীনত কেন্দ্ৰীয় ঔষধ পৰীক্ষাগাৰে মানক মানদণ্ডৰ নহয় ৫৫টা ঔষধৰ নমুনা আৰু ঔষধ পৰীক্ষণ পৰীক্ষাগাৰে মানক মানদণ্ডৰ নহয় ১৩০টা ঔষধৰ নমুনা পোৱা গৈছে। ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ কাৰখানাৰ বেচৰ পৰা চৰকাৰী পৰীক্ষাগাৰত ঔষধৰ নমুনাৰ গুণগত মান পৰীক্ষা কৰা হয়।

মন্ত্ৰালয়ে জনোৱা মতে, জুন মাহত সংগ্ৰহ কৰা বিহাৰ ৰাজ্যৰ এটা ঔষধৰ নমুনা, নতুন দিল্লীৰ এটা ঔষধৰ নমুনা আৰু তেলেংগানা ৰাজ্যৰ পৰা দুটা ঔষধৰ নমুনা ভুৱা বুলি ধৰা পৰিছে, যিবোৰ আন এটা কোম্পানীৰ ব্ৰেণ্ড নাম ব্যৱহাৰ কৰি কোনো অকৰ্তৃত্বশীল নিৰ্মাতাই প্ৰস্তুত কৰিছিল। বিষয়টোৰ তদন্ত চলি আছে আৰু আইন আৰু নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

মন্ত্ৰালয়ে কয় যে এন এছ কিউ আৰু নকল ঔষধ চিনাক্তকৰণৰ এই পদক্ষেপ ৰাজ্যিক নিয়ন্ত্ৰকসকলৰ সহযোগত নিয়মীয়াকৈ কৰা হয় যাতে এই ঔষধসমূহ চিনাক্ত কৰি বজাৰৰ পৰা আঁতৰোৱা হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande