আইচিচিৰ আচৰণ বিধি উলংঘা কৰাৰ বাবে প্ৰতীকা ৰাৱলক জৰিমনা
- ইংলেণ্ড মহিলা দলটোৰ ওপৰত লেহেমীয়া অভাৰ ৰেটৰ বাবে মেচ মাচুলৰ ৫ শতাংশ জৰিমনা নতুন দিল্লী, ১৮ জুলাই (হি.স.)। ইংলেণ্ডৰ বিৰুদ্ধে মহিলাৰ প্ৰথমখন এদিনীয়া খেলত আই চি চিৰ আচৰণ বিধিৰ লেভেল ১ উলংঘা কৰাৰ বাবে ভাৰতৰ অ’পেনাৰ প্ৰতীকা ৰাৱলক মেচ মাচুলৰ ১০ শতাংশ
भारतीय बल्लेबाज प्रतिका रावल


- ইংলেণ্ড মহিলা দলটোৰ ওপৰত লেহেমীয়া অভাৰ ৰেটৰ বাবে মেচ মাচুলৰ ৫ শতাংশ জৰিমনা

নতুন দিল্লী, ১৮ জুলাই (হি.স.)। ইংলেণ্ডৰ বিৰুদ্ধে মহিলাৰ প্ৰথমখন এদিনীয়া খেলত আই চি চিৰ আচৰণ বিধিৰ লেভেল ১ উলংঘা কৰাৰ বাবে ভাৰতৰ অ’পেনাৰ প্ৰতীকা ৰাৱলক মেচ মাচুলৰ ১০ শতাংশ জৰিমনা বিহা হৈছে। বুধবাৰে চাউথমপটনত অনুষ্ঠিত হয় এই খেলখন। ৰাৱলে আইচিচিৰ খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীৰ আচৰণ বিধিৰ ২.১২ অনুচ্ছেদ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল, যিটো খেলুৱৈ, আম্পায়াৰ, মেচ ৰেফাৰী বা দৰ্শকৰ সৈতে অনুপযুক্ত শাৰীৰিক সংস্পৰ্শৰ সৈতে জড়িত।

এই উলংঘাৰ লগে লগে ৰাভালৰ অনুশাসনমূলক অভিলেখত এটা ডেমেৰিট পইণ্টো সংযোজন কৰা হৈছে। যোৱা ২৪ মাহত এইটোৱেই আছিল তাইৰ প্ৰথম অপৰাধ। দুটা পৃথক ঘটনাত অনুপযুক্ত শাৰীৰিক সংস্পৰ্শৰ দোষী সাব্যস্ত হয় ৰাৱলক। প্ৰথমটো কাণ্ড সংঘটিত হয় ১৮ অভাৰত ইংলেণ্ডৰ বলাৰ লৰেন ফাইলাৰৰ সৈতে একক ৰান কৰিবলৈ দৌৰি থাকোঁতে সংঘৰ্ষ হৈছিল। দ্বিতীয়টো কাণ্ড সংঘটিত হয় পৰৱৰ্তী অভাৰত, যেতিয়া তেওঁ আউট হোৱাৰ পিছত পেভিলিয়নলৈ উভতি আহিছিল তেতিয়া ছফী এক্লেষ্টোনৰ সৈতে খুণ্ডা মাৰিছিল ।

ইফালে, ইংলেণ্ডৰ মহিলা দলটোক লেহেমীয়া অভাৰ ৰেটৰ বাবে মেচ মাচুলৰ পাঁচ শতাংশ জৰিমনা বিহা হৈছে। নিৰ্দিষ্ট সময়ত অভাৰ সম্পূৰ্ণ নকৰাৰ বাবে এক অভাৰ পিছ পৰি থকা বুলি জানিব পৰা গৈছে। এই ব্যৱস্থা আইচিচিৰ আচৰণ বিধিৰ ২.২২ অনুচ্ছেদৰ অধীনত গ্ৰহণ কৰা হৈছে, য’ত লেহেমীয়া অভাৰ ৰেট হ’লে প্ৰতিটো অভাৰৰ বাবে খেলুৱৈৰ মেচ মাচুলৰ পাঁচ শতাংশ জৰিমনা বিহা হৈছে।

ৰাৱল আৰু ইংলেণ্ডৰ অধিনায়ক নেট স্কাইভাৰ-ব্ৰাণ্টে নিজৰ দোষ স্বীকাৰ কৰি এমিৰেটছ আইচিচিৰ আন্তঃৰাষ্ট্ৰীয় পেনেল অৱ মেচ ৰেফাৰী চাৰা বাৰ্টলেটে প্ৰস্তাৱ কৰা শাস্তি গ্ৰহণ কৰে। ইয়াৰ বাবে কোনো আনুষ্ঠানিক শুনানিৰ প্ৰয়োজন হোৱা নাছিল। এই অভিযোগ জাপি দিয়া আম্পায়াৰসকলৰ ভিতৰত আছিল ছ্যু ৰেডফাৰ্ণ, জেকলিন উইলিয়ামছ, তৃতীয় আম্পায়াৰ আন্না হেৰিছ আৰু চতুৰ্থ আম্পায়াৰ ৰব হোৱাইট।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande