নতুন দিল্লী, ১৯ জুলাই (হি.স.)। ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ দুখন ফুটবল প্ৰবীন - স্পেইন আৰু আৰ্জেণ্টিনা - অহা বছৰৰ মাৰ্চ মাহত ফিনালিচিমা ২০২৬ (Finalissima 2026)ত মুখামুখি হ’ব। ইউএফএ ইউৰো আৰু কোপা আমেৰিকাৰ ডিফেণ্ডিং চেম্পিয়ন দলৰ মাজত অনুষ্ঠিত হ’ব এই খেলখন।
স্পেইনৰ দলটোৱে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিলে ২০২৬ চনৰ ফিফা বিশ্বকাপৰ প্লে অফৰ বাবে নিৰ্ধাৰণ কৰা আন্তঃৰাষ্ট্ৰীয় উইণ্ড’ৰ সময়ত অনুষ্ঠিত হ’ব এই খেলখন। এই তথ্য গ’ল ডট কম (Goal.com) ৰ এক প্ৰতিবেদন উদ্ধৃতি দি দিয়া হৈছে।
ইউএফএ, ফিফা, স্পেনিছ ফুটবল ফেডাৰেচন, আৰু আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনে একেলগে কাম কৰি ফাইনেলিছমাক সফলতাৰে পুনৰুজ্জীৱিত কৰিছে। ২০২৬ চনৰ সংস্কৰণৰ এই হাই-প্ৰফাইল মেচখনৰ লক্ষ্য হৈছে ফুটবল প্ৰেমীসকলৰ মাজত উত্তেজনা আৰু বিশ্বব্যাপী আগ্ৰহ বৃদ্ধি কৰা, বিশেষকৈ যি সময়ত আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ কাৰ্যকলাপ কম।
মন কৰিবলগীয়া যে ফাইনালিচিমাই ১৯৮৫ আৰু ১৯৯৩ চনত অনুষ্ঠিত হোৱা আৰ্টেমিঅ’ ফ্ৰাঞ্চি কাপৰ ঠাই লৈছে।১৯৯৩ চনত আৰ্জেণ্টিনাই এই খিতাপ দখল কৰিছিল, যিটো আছিল প্ৰয়াত মহান খেলুৱৈ ডিয়েগো মাৰাডোনাৰ শেষ আন্তঃৰাষ্ট্ৰীয় ট্ৰফী। ২০২২ চনত আৰ্জেণ্টিনাই ইটালীক ৩-০ গ’লত পৰাস্ত কৰি এই উত্তৰাধিকাৰক আগুৱাই লৈ যায়।
ফাইনালিচিমা আয়োজনৰ সম্ভাৱ্য তাৰিখ ২৬ৰ পৰা ৩১ মাৰ্চৰ ভিতৰত নিৰ্ধাৰণ কৰা হৈছে। এই সন্দৰ্ভত প্ৰাৰম্ভিক আলোচনা পেৰাগুৱেত ৭৫ সংখ্যক ফিফা কংগ্ৰেছৰ সময়ত অনুষ্ঠিত হৈছিল।
শেহতীয়াকৈ ইউএফএ ইউৰো ২০২৪ত ইংলেণ্ডক ২-১ গ’লত পৰাস্ত কৰি স্পেইনে খিতাপ দখল কৰে।স্পেইনৰ হৈ ৪৭ মিনিটত নিকো উইলিয়ামছে আৰু ৮৬ মিনিটত মাইকেল অয়াৰজাবালে গ’ল দিয়ে। ইংলেণ্ডৰ হৈ একমাত্ৰ গ’লটো ৭৩ মিনিটত ক’ল পামৰে গ’ল দিয়ে।
একে সময়তে লিয়নেল মেছিৰ অধিনায়কত্বত থকা আৰ্জেণ্টিনাই ২০২৪ চনৰ কোপা আমেৰিকা ফাইনেলত কলম্বিয়াক ১-০ গ’লত পৰাস্ত কৰি অভিলেখ ১৬ সংখ্যক বাৰৰ বাবে খিতাপ দখল কৰে। এই গ’লটো দিয়ে লাউটাৰো মাৰ্টিনেজে। চূড়ান্ত খেলৰ সময়ত দ্বিতীয়াৰ্ধত মেছিক বদলি কৰা হৈছিল, তাৰ পিছত তেওঁ আৱেগিক হৈ পৰিছিল।
এই জয়েৰে আৰ্জেণ্টিনাইও কলম্বিয়াৰ ২৮খন মেচৰ অপৰাজিত ধাৰা ভাঙি মেছিক কেৰিয়াৰৰ শেষ পৰ্যায়ত দ্বিতীয়বাৰৰ বাবে কোপা আমেৰিকাৰ ট্ৰফী প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া