বক্স অফিচত দৰ্শক পোৱা নাই 'মালিক' ছবিখনে
ৰাজকুমাৰ ৰাওৰ গেংষ্টাৰ নাটক ছবি ‘মালিক’ মুক্তি পোৱাৰ সাত দিন হ’ল। ১১ জুলাইত চিনেমাগৃহত মুক্তি পোৱা এই ছবিখনৰ পৰা বহু আশা কৰা হৈছিল যদিও দৰ্শকৰ আশা পূৰণ কৰিব পৰা নাছিল। ‘মালিক’ মুক্তিৰ প্ৰথম দিনাৰ পৰাই বক্স অফিচত বেয়া প্ৰদৰ্শন কৰি আহিছে। দৰ্শকৰ আগ্ৰহ
मालिक


ৰাজকুমাৰ ৰাওৰ গেংষ্টাৰ নাটক ছবি ‘মালিক’ মুক্তি পোৱাৰ সাত দিন হ’ল। ১১ জুলাইত চিনেমাগৃহত মুক্তি পোৱা এই ছবিখনৰ পৰা বহু আশা কৰা হৈছিল যদিও দৰ্শকৰ আশা পূৰণ কৰিব পৰা নাছিল। ‘মালিক’ মুক্তিৰ প্ৰথম দিনাৰ পৰাই বক্স অফিচত বেয়া প্ৰদৰ্শন কৰি আহিছে। দৰ্শকৰ আগ্ৰহ নগণ্য আৰু প্ৰতিদিনে ইয়াৰ সংগ্ৰহ হ্ৰাস পাইছে। এতিয়া সপ্তম দিনৰ উপাৰ্জন ওলাইছে।

বক্স অফিচৰ ট্ৰেকাৰ চাকনিল্কৰ মতে ৰাজকুমাৰ ৰাওৰ ছবি ‘মালিক’ মুক্তিৰ সপ্তম দিনা অৰ্থাৎ প্ৰথম বৃহস্পতিবাৰে প্ৰায় ১.২৯ কোটি টকা উপাৰ্জন কৰিছিল। ইয়াৰ লগে লগে ছবিখনৰ মুঠ সংগ্ৰহ ২১.১৪ কোটি টকা হৈছেগৈ। এই গেংষ্টাৰ নাটকখন পুলকিটৰ পৰিচালনা আৰু টিপছ ফিল্মছৰ বেনাৰত কুমাৰ তৌৰাণীয়ে প্ৰযোজনা কৰিছে। ৰাজকুমাৰ ৰাওৰ লগতে মনুষী চিল্লাৰ, প্ৰসেনজিৎ চেটাৰ্জী, হুমা কুৰেশী আৰু সৌৰভ শুক্লাৰ দৰে বলিষ্ঠ অভিনেতাকো ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে।

এই সপ্তাহত বক্স অফিচত বহু ছবিৰ প্ৰতিযোগিতাৰ সন্মুখীন হৈছে ‘মালিক’। ই বিক্ৰান্ত মেছিৰ ‘আখো কি গুস্তাখিয়া’ আৰু অনুৰাগ বসুৰ ‘মেট্ৰ’... ইন ডিনো’ৰ দৰে ছবিৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে যদিও এই দুয়োখন ছবিৰ উপাৰ্জন বৰ ভাল নাছিল। ইফালে, অৱশেষত ১৮ জুলাইত ছবিগৃহত মুক্তি পালে মোহিত সূৰীৰ ৰোমান্টিক থ্ৰিলাৰ ‘ছাইয়াৰা’ আৰু সোনাক্ষী সিনহাৰ ছবি ‘নিকিতা ৰায়’। এই ছবিবোৰো এতিয়া ‘মালিক’ৰ বাবে প্ৰত্যাহ্বান হৈ উঠিব পাৰে।

একে সময়তে অনুপম খেৰৰ পৰিচালনাত নিৰ্মিত দ্বিতীয়খন ছবি ‘তনৱী দ্য গ্ৰেট’য়েও দৰ্শকক আকৰ্ষণ কৰিছে। এনে পৰিস্থিতিত এই সকলোবোৰৰ মাজত ‘মালিক’ কিমান শক্তিশালীভাৱে থিয় দিবলৈ সক্ষম হৈছে সেয়া অনাগত দিনত চাবলৈ আমোদজনক হ’ব৷

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande