লণ্ডন, ১৮ জুলাই (হি.স.)। উলভছ ফুটবল ক্লাবে বৃহস্পতিবাৰে পৰ্তুগালৰ তাৰকা খেলুৱৈ ডিঅ’গো জোটাক নিজৰ হল অৱ ফেমত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰে। খেলপথাৰত লাভ কৰা মহান কৃতিত্ব আৰু অকাল মৃত্যুৰ ফলত ফুটবল জগতত গভীৰ প্ৰভাৱ পৰাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে তেওঁক এই সন্মান প্ৰদান কৰা হৈছে।
ক্লাবটোৰ মতে, ৩ জুলাইত স্পেইনৰ জামোৰাত হোৱা গাড়ী দুৰ্ঘটনাত জোটা আৰু তেওঁৰ কনিষ্ঠ ভাতৃ আন্দ্ৰে ছিলভা - যি নিজেও এজন পেছাদাৰী ফুটবলাৰ আছিল -ৰ মৃত্যু হয়। আন্দ্ৰেৰ বয়স আছিল মাত্ৰ ২৫ বছৰ।
উলভছে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে হল অৱ ফেমখন এখন স্বতন্ত্ৰ সমিতিৰ দ্বাৰা পৰিচালিত হয়, যাৰ অধ্যক্ষতা কৰে ক্লাবৰ কিংবদন্তি জন ৰিচাৰ্ডছে। সাধাৰণতে কোনো খেলুৱৈক হল অৱ ফেমত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত দীঘলীয়া আলোচনাৰ অন্তত লোৱা হয় যদিও এই মৰ্মান্তিক ঘটনাৰ পৰিপ্ৰেক্ষিতত সৰ্বসন্মতিক্ৰমে আৰু ক্ষীপ্ৰতাৰে এই সিদ্ধান্ত লোৱা হয়।
২০১৭ চনৰ জুলাই মাহত এটলেটিকো মাদ্রিদৰ পৰা উলভছত যোগদান কৰিছিল ডিঅ’গো জোটাই ১৩১খন খেলত ৪৪টা গ’ল দিছিল৷ ২০১৭-১৮ ছিজনত দলটোৰ চেম্পিয়নশ্বিপ খিতাপ আৰু প্ৰিমিয়াৰ লীগলৈ উন্নীতকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
ক্লাবটোৱে নিজৰ বিবৃতিত কয় যে, ক্লাবৰ সংগ্ৰহালয়ৰ এই আটাইতকৈ সন্মানীয় অংশটোত অন্তৰ্ভুক্ত হ'বলৈ সাধাৰণতে কেইবা সপ্তাহ বা মাহ ধৰি আলোচনাৰ প্ৰয়োজন হয়। কিন্তু এই ক্ষেত্ৰত সিদ্ধান্তটো সৰ্বসন্মতিক্ৰমে কৰা হৈছিল - ই অনুৰাগী আৰু ফুটবল জগতখনৰ মাজত তেওঁৰ আৱেগৰ পৰিমাণ আৰু তেওঁ এৰি থৈ যোৱা গভীৰ প্ৰভাৱক প্ৰতিফলিত কৰে।
উলভছে লগতে প্ৰকাশ কৰিছে যে তেওঁলোকে আগন্তুক ঘৰুৱা দুখন মেচত (৯ আগষ্টত চেলটা ভিগোৰ বিৰুদ্ধে প্ৰি-ছিজনৰ চূড়ান্ত প্ৰীতি মেচ আৰু এসপ্তাহ পিছত মানচেষ্টাৰ চিটিৰ বিৰুদ্ধে প্ৰিমিয়াৰ লীগৰ অ’পেনাৰ মেচ) জোটা আৰু আন্দ্ৰেক শ্ৰদ্ধাঞ্জলি জনাব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া