ফ্ৰীষ্টাইল দবা গ্ৰেণ্ড শ্লেম : ছেমি ফাইনেলত অৰ্জুন এৰিগাইছি
-কৰুৱানাই প্ৰাগনানন্ধাক পৰাস্ত কৰি এক ৰোমাঞ্চকৰ খেলত নতুন দিল্লী, ১৮ জুলাই (হি.স.)। লছ ভেগাছত চলি থকা ফ্ৰীষ্টাইল চেছ গ্ৰেণ্ড শ্লেম ২০২৫ত সুন্দৰ প্ৰদৰ্শনেৰে ভাৰতৰ অৰ্জুন এৰিগাইছিয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। শুকুৰবাৰে খেলা কোৱাৰ্টাৰ ফাইনেলত উজবেকিস
फ्रीस्टाइल शतरंज ग्रैंड स्लैम के क्वार्टर फाइनल में अर्जुन एरिगैसी


-কৰুৱানাই প্ৰাগনানন্ধাক পৰাস্ত কৰি এক ৰোমাঞ্চকৰ খেলত

নতুন দিল্লী, ১৮ জুলাই (হি.স.)। লছ ভেগাছত চলি থকা ফ্ৰীষ্টাইল চেছ গ্ৰেণ্ড শ্লেম ২০২৫ত সুন্দৰ প্ৰদৰ্শনেৰে ভাৰতৰ অৰ্জুন এৰিগাইছিয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। শুকুৰবাৰে খেলা কোৱাৰ্টাৰ ফাইনেলত উজবেকিস্তানৰ নোদিৰবেক আব্দুছাত্তাৰভক পৰাস্ত কৰি তেওঁ এই কৃতিত্ব অৰ্জন কৰে।

আনহাতে ভাৰতৰ আৰ প্ৰজ্ঞানানন্দাই কঠিন খেলত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। আমেৰিকাৰ কিংবদন্তি গ্ৰেণ্ডমাষ্টাৰ ফেবিয়ানো কাৰুয়ানাৰ বিৰুদ্ধে তেওঁৰ মেচখন আছিল অতি ৰোমাঞ্চকৰ, যিয়ে তিনিওটা ফৰ্মেটতে - ধ্ৰুপদী, ৰেপিড আৰু ব্লিটজ - জয়ৰ আদান-প্ৰদানৰ পিছত আৰ্মাগেডনত উপনীত হয়। এই প্ৰতিযোগিতাখনৰ প্ৰথমখন আৰ্মাগেডন মেচ আছিল, য’ত কাৰুয়ানাই ক’লা টুকুৰাৰে জয়লাভ কৰিছিল।

টাইব্ৰেকত হিকাৰু নাকামুৰাক পৰাস্ত কৰা অৰ্জুন এৰিগাইছিয়ে এতিয়া ছেমি ফাইনেলত মুখামুখি হ’ব লেভন আৰোনিয়ানৰ বিৰুদ্ধে। ইফালে নিম্ন ব্ৰেকেটত মেগনাছ কাৰ্লছেনে ভাৰতৰ বিদিত গুজৰাথীক পৰাস্ত কৰি ইণ্টাৰমিডিয়েট মেচ ষ্টেজ ১ত প্ৰৱেশ কৰে। এই পৰ্যায়ত এতিয়া কাৰ্লচেনে প্ৰজ্ঞানানন্দাৰ বিৰুদ্ধে খেলিব।

हिन्दुस्थान समाचार / Monoj Kumar Saikia


 rajesh pande