দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ৩ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৯৬.৬৭২ বিলিয়ন ডলাৰত উপনীত
নতুন দিল্লী, ১৮ জুলাই (হি.স.)। বৈদেশিক মুদ্ৰাৰ মজুত একেৰাহে দ্বিতীয় সপ্তাহৰ বাবে হ্ৰাস পাইছে । দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ১১ জুলাইত সমাপ্ত হোৱা সপ্তাহটোত ৩.০৬ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৯৬.৬৭ বিলিয়ন ডলাৰ হয়। বিগত সপ্তাহত বৈদেশিক মুদ্ৰাৰ মজুত ৩.০৫ বিল
মাৰ্কিন ডলাৰ


নতুন দিল্লী, ১৮ জুলাই (হি.স.)। বৈদেশিক মুদ্ৰাৰ মজুত একেৰাহে দ্বিতীয় সপ্তাহৰ বাবে হ্ৰাস পাইছে । দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ১১ জুলাইত সমাপ্ত হোৱা সপ্তাহটোত ৩.০৬ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৯৬.৬৭ বিলিয়ন ডলাৰ হয়। বিগত সপ্তাহত বৈদেশিক মুদ্ৰাৰ মজুত ৩.০৫ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৯৯.৭৪ বিলিয়ন ডলাৰ হয়।

ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ১১ জুলাইত সমাপ্ত হোৱা সপ্তাহত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ৩.০৬ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৯৬.৬৭ বিলিয়ন ডলাৰ হৈছে। তথ্য অনুসৰি এই সময়ছোৱাত বৈদেশিক মুদ্ৰাৰ মজুতৰ এটা প্ৰধান উপাদান বিদেশী মুদ্ৰাৰ সম্পত্তি ২.৪৮ বিলিয়ন ডলাৰ হ্ৰাস পাই ৫৮৮.৮১ বিলিয়ন ডলাৰ হৈছে।

আৰ বি আইৰ তথ্য অনুসৰি ১১ জুলাইত সমাপ্ত হোৱা সপ্তাহটোত সোণৰ মজুতৰ মূল্য ৪৯৮ মিলিয়ন ডলাৰ হ্ৰাস পাই ৮৪.৩৫ বিলিয়ন ডলাৰ হৈছে। তথ্য অনুসৰি এই সময়ছোৱাত বিশেষ আহৰণ অধিকাৰ (এছ ডি আৰ) ৬৬ মিলিয়ন ডলাৰ হ্ৰাস পাই ১৮.৮০ বিলিয়ন ডলাৰ হৈছে। একেদৰে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আইএমএফ)ৰ সৈতে ভাৰতৰ ৰিজাৰ্ভও ২৪ মিলিয়ন ডলাৰ হ্ৰাস পাই ৪.৭১ বিলিয়ন ডলাৰ হৈছে।

উল্লেখ্য যে ২০২৪ চনৰ ছেপ্টেম্বৰৰ শেষৰ ফালে দেশখনৰ বৈদেশিক মুদ্ৰাৰ মজুত সৰ্বকালৰ সৰ্বোচ্চ ৭০৪.৮৮ বিলিয়ন ডলাৰলৈ জপিয়াই পৰিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande