পশ্চিম বংগৰ দুৰ্গাপুৰত প্ৰধানমন্ত্ৰীৰ ৫৪০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উপহাৰ
নতুন দিল্লী, ১৮ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে পশ্চিম বংগৰ দুৰ্গাপুৰত ৫৪০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই সময়ত প্ৰধানমন্ত্ৰীয়ে ‘উন্নয়নৰ জৰিয়তে সৱলীকৰণ’, ‘নিয়োগৰ জৰিয়তে আত্মনিৰ্ভৰশীলতা’ আৰু ‘সংবেদনশীলতাৰ
পশ্চিম বংগৰ দুৰ্গাপুৰত প্ৰধানমন্ত্ৰীৰ ৫৪০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উপহাৰ


নতুন দিল্লী, ১৮ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে পশ্চিম বংগৰ দুৰ্গাপুৰত ৫৪০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই সময়ত প্ৰধানমন্ত্ৰীয়ে ‘উন্নয়নৰ জৰিয়তে সৱলীকৰণ’, ‘নিয়োগৰ জৰিয়তে আত্মনিৰ্ভৰশীলতা’ আৰু ‘সংবেদনশীলতাৰ জৰিয়তে সুশাসন’ক ভাৰতৰ উন্নয়নৰ পথ বুলি অভিহিত কৰে। তেওঁ কয় যে আজি সমগ্ৰ বিশ্বতে উন্নত ভাৰতৰ সংকল্পৰ বিষয়ে আলোচনা কৰা হৈছে। এই দিশত ভাৰতত ঘটি থকা মৌলিক পৰিৱৰ্তনে এক শক্তিশালী ভিত্তিৰ সৃষ্টি কৰিছে।

প্ৰধানমন্ত্ৰীয়ে আজি দুৰ্গাপুৰত আয়োজন কৰা এক কাৰ্যসূচীৰ সময়ত উন্নয়নমূলক প্ৰকল্পসমূহ ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে। অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে দুৰ্গাপুৰত ৫৪০০ কোটিতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন তথা আধাৰশিলা স্থাপন কৰা হয়। তেওঁ কয় যে দুৰ্গাপুৰ ভাৰতৰ শ্ৰমিক শক্তিৰ এক বৃহৎ কেন্দ্ৰ আৰু এই প্ৰকল্পসমূহে অঞ্চলটোৰ সংযোগ, গেছ ভিত্তিক অৰ্থনীতি আৰু কৰ্মসংস্থাপনৰ সুযোগ শক্তিশালী কৰিব।

কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে তেল আৰু গেছ, বিদ্যুৎ, পথ আৰু ৰে’ল খণ্ডৰ সৈতে জড়িত প্ৰকল্পসমূহ উদ্বোধন কৰে। তেওঁ বাংকুৰা আৰু পুৰুলীয়া জিলাত বিপিচিএলৰ ১৯৫০ কোটি টকাৰ চিটি গেছ বিতৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ অধীনত ঘৰ-দুৱাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে পিএনজি আৰু চিএনজিৰ সুবিধা লাভ কৰিব।

তেওঁ কয় যে বিগত ১০ বছৰত দেশত গেছ সংযোগৰ ক্ষেত্ৰত বহু কাম কৰা হৈছে। যোৱা দশকত এল পি জিয়ে প্ৰতিটো ঘৰতে স্থান পাইছে আৰু বিশ্বই ইয়াৰ শলাগ লৈছে। আমি এক জাতি, এক গেছ দৃষ্টিভংগীৰ ওপৰত কাম কৰি প্ৰধানমন্ত্ৰী উৰ্জা যোজনাৰ সৃষ্টি কৰিলোঁ। ইয়াৰ অধীনত পশ্চিম বংগকে ধৰি ভাৰতৰ পূবৰ ছখন ৰাজ্যত পাইপলাইন স্থাপন কৰা হৈছে।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে দুৰ্গাপুৰৰ পৰা কলকাতালৈ ১৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ গেছ পাইপলাইন উদ্বোধন কৰে, যাৰ ব্যয় আছিল ১১৯০ কোটিতকৈ অধিক টকা। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে ১৪৫৭ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থা এফ জি ডিও দেশৰ বাবে উৎসৰ্গা কৰে। ৰে’ল খণ্ডত পুৰুলিয়া-কোটশিলা ৰে’লপথ দুগুণ কৰাৰ লগতে টপছি আৰু পাণ্ডাবেশ্বৰত ৩৮০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা আৰ অ’ বি সমূহো উদ্বোধন কৰা হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande