কোকৰাঝাৰ, ১৬ জুলাই (হি.স.)। কোচ ৰাজবংশী সাহিত্য সভাৰ ভগ্নী সংগঠন কোচ ৰাজবংশী লেখিকা সভাৰ প্ৰথম প্ৰতিষ্ঠা দিৱস আজিৰ পৰা কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শক্তি আশ্ৰমত আৰম্ভ হৈছে। প্ৰথম দিনাৰ কাৰ্যসূচী মতে ৰাতিপুৱা লেখিকা সভাৰ পতাকা উত্তোলন কৰে সভানেত্ৰী নিবেদিতা ৰায়ে। ছহীদ লৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে সম্পাদিকা সৌদা বৰ্মনে।
গছপুলি ৰোপণ কৰে উপ সভানেত্ৰী ৰঞ্জু ডেকাই। ইয়াৰ পিছত অনুষ্ঠিত হয় কবি সন্মিলন, আলোচনা চক্ৰ। বিটিচিৰ অনুদানেৰে নিৰ্মাণ কৰা কোচ ৰাজবংশী সাহিত্য সভাৰ কাৰ্যালয়ৰ ফাৰ্ষ্ট ফ্লু'ৰত নিৰ্মিত সভাকক্ষ উদ্বোধন কৰে বিটিচিৰ এম চি এল এ মাধৱ চেত্ৰীয়ে। ইয়াৰ পিছত অনুষ্ঠিত সভাত উপস্থিত থাকে কে এ চি ৰ মুখ্য কাৰ্যবাহী সদস্য জীবেশ ৰায়,কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড: দ্বিজেন্দ্ৰ নাথ ভকত, সম্পাদক কমল কুমাৰ বৰ্মন, বিটিআৰ আক্ৰাছুৰ সভাপতি মনিৰাম ৰায়, আক্ৰাছুৰ সভাপতি দীপেন বৰ্মন আদিকে বিভিন্ন বিশিষ্ট ব্যক্তি সকল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ