কোকৰাঝাৰত চিআৰপিএফৰ ছহিদ জোৱান প্ৰাণেশ্বৰ কোচক শেষ বিদায়,সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন
কোকৰাঝাৰ, ১৭ জুলাই (হি.স.)। হাজাৰ হাজাৰ ৰাইজ ,চিআৰপিএফ,আৰক্ষী,জিলা প্ৰশাসনৰ বিষয়-ববীয়াৰ উপস্থিতিত চিআৰপিএফৰ ছহিদ জোৱান প্ৰাণেশ্বৰ কোচক শেষ বিদায়। নক্সাল উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দি দেশ মাতৃক সেৱা কৰিবলৈ গৈ ছহিদ বৰণ কৰা চিআৰপিএফৰ বীৰ জোৱান প্ৰাণেশ্বৰ
কোকৰাঝাৰত চিআৰপিএফৰ ছহিদ জোৱান প্ৰাণেশ্বৰ কোচক শেষ বিদায়,সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন


কোকৰাঝাৰ, ১৭ জুলাই (হি.স.)। হাজাৰ হাজাৰ ৰাইজ ,চিআৰপিএফ,আৰক্ষী,জিলা প্ৰশাসনৰ বিষয়-ববীয়াৰ উপস্থিতিত চিআৰপিএফৰ ছহিদ জোৱান প্ৰাণেশ্বৰ কোচক শেষ বিদায়। নক্সাল উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজ দি দেশ মাতৃক সেৱা কৰিবলৈ গৈ ছহিদ বৰণ কৰা চিআৰপিএফৰ বীৰ জোৱান প্ৰাণেশ্বৰ কোচৰ নিথৰ দেহ অৱশেষত আহি পালে জন্মগাঁৱ কোকৰাঝাৰ মাগুৰমাৰিৰ নিজে ওমলি-জামলি ডাঙৰ-দীঘল হোৱা মৰমৰ চোতালখনত৷

দেশৰ ৰাষ্ট্ৰীয় পতাকাৰে মেৰিয়াই অনা ফুলৰ মালাৰে সজাই অনা এটা কফিনত আলফুলকৈ শুই আছে৷ পিতৃ-মাতৃ,ভাতৃ-ভগ্নী,আত্মীয়-স্বজন আৰু গাঁওবাসী সকলোৱে এষাৰ মাত দিব বিচাৰিছে ছহিদ জোৱান প্ৰাণেশ্বৰক৷ সকলোৰে চকু চলচলীয়া৷ কথাতে আছে মৌনতাই হেনো বহু কথা কয়৷

দেশ মাতৃক সেৱা কৰিবলৈ গৈ সি যে গ’লগৈ চিৰকালৰ বাবে ঘূৰি নহাৰ বাটেৰে অজান মুলুকলৈ৷

চাৰিওফালে গুঞ্জৰিত হৈছে ছহিদ বীৰ জোৱান প্ৰাণেশ্বৰ কোচ অমৰ হওঁক,দেশৰ বাবে তুমি নিজকে উৰ্ছগা কৰিলা,তুমি মহান,লং লিভ প্ৰাণেশ্বৰ কোচ,ভাৰত মাতা কী জয় আদি জয়ধ্বনি দি শেষ বিদায় দিছে৷

এনেকৈয়ে বিগত ১৬ জুলাইত ঝাৰখন্ডত নক্সাল উগ্ৰপন্থী বিৰোধী অভিযানত ছহিদ বৰণ কৰা চিআৰপিএফৰ ২০৯ নং কোব্ৰা বেটালিয়নৰ জোৱান

প্ৰাণেশ্বৰ কোচক চৰকাৰী নীতি-নিয়ম অনুসৰি সামৰিক কুচ-কাৱাজ আৰু মৰ্য্যাদাৰে চিআৰপিএফৰ শীৰ্ষ বিষয়া বৰ্গ,কোকৰাঝাৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া,স্থানীয় গাঁৱ তথা অঞ্চলবাসী ৰাইজৰ উপস্থিতিত বৃহস্পতিবাৰে চিতাত তুলি চিৰ দিনৰ বাবে বিদায় দিয়া হয়৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande