ভাৰত-ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ টেষ্ট ড্ৰ’, হামজা শ্বেখৰ শতকৰ সহায়তপৰাজয়ৰ পৰা ৰক্ষা পৰিল ইংৰাজ দল
বেকেনহাম, ১৬ জুলাই (হি.স.)। বেকেনহামত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা ১৯ বছৰ অনুৰ্ধ টেষ্ট মেচখন মঙলবাৰে ৰোমাঞ্চকৰ ড্ৰ’ত সমাপ্ত হয়। ভাৰতে ইংলেণ্ডক জয়ৰ বাবে ৬৩ অভাৰত ৩৫০ ৰানৰ লক্ষ্য দিছিল, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে ইংলেণ্ডে ৭ উইকেটত ২৭০ ৰান সংগ্ৰ
शतकीय पारी खेलने वाले हामज़ा शेख़


বেকেনহাম, ১৬ জুলাই (হি.স.)। বেকেনহামত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা ১৯ বছৰ অনুৰ্ধ টেষ্ট মেচখন মঙলবাৰে ৰোমাঞ্চকৰ ড্ৰ’ত সমাপ্ত হয়। ভাৰতে ইংলেণ্ডক জয়ৰ বাবে ৬৩ অভাৰত ৩৫০ ৰানৰ লক্ষ্য দিছিল, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে ইংলেণ্ডে ৭ উইকেটত ২৭০ ৰান সংগ্ৰহ কৰি মেচখন ৰক্ষা কৰিছিল।

শেষৰ দিনটোত ভাৰতে ২২৯ ৰান আৰু ৭ উইকেটৰ অগ্ৰগতিৰে আৰম্ভণি কৰে। বিহান মালহোত্ৰাই (৬৩) দ্ৰুত আৰম্ভণি কৰি কিছু আকৰ্ষণীয় শ্বট খেলিছিল যদিও এলেক্স গ্ৰীণৰ বলত উইকেটকীপাৰ থমাছ ৰ্যুৰ হাতত ধৰা পৰে। বৰষুণৰ বাবে খেলখন কিছু সময়ৰ বাবে বাধাগ্ৰস্ত হৈছিল যদিও খেল আৰম্ভ হোৱাৰ লগে লগে ভাৰতে বিপৰ্যয়ৰ সন্মুখীন হ’ল।

গ্ৰীণ আৰু মিণ্টোৱে ক্ৰমে অভিজ্ঞান কুণ্ডু (১১) আৰু ৰাহুল কুমাৰ (১১)ক পেভিলিয়নলৈ প্ৰেৰণ কৰে। আৰ্চি ভ’গানে (৬/৮৪) মহম্মদ ইনান (৫), হেনিল পেটেল (০) আৰু দীপেশ দেৱেন্দ্ৰন (৪)ক আউট কৰি ভাৰতক বিপদত পেলাইছিল যদিও আৰ. এম্ব্ৰিছে দ্ৰুত ৫৩ ৰান কৰি ভাৰতক ২৪৮ ৰানলৈ লৈ যায়। তেওঁক মেইছে ৰান আউট কৰে।

ইংলেণ্ডে নিজৰ খেদাৰ আৰম্ভণি বেয়া কৰি আগতীয়াকৈ তিনিটা উইকেট হেৰুৱাইছিল। কিন্তু হামজা শ্বেখ (১১২) আৰু বেন মেইছে (৫১) ১১৯ ৰানৰ অংশীদাৰিত্বৰে দলটোক ব’ৰ্ডত স্থান দিছিল। মেইছৰ বাহিৰ হোৱাৰ পিছত টমাছ ৰিউৱে (৫০) আক্ৰমণৰ লক্ষ্য লৈ ইংলেণ্ডক জয়ৰ আশা প্ৰদান কৰে।

অৱশ্যে দুটা দ্ৰুত ৰান আউট— শ্বেখ আৰু একাঞ্চ সিঙে ভাৰতক মেচখনত পুনৰ আহিবলৈ সুযোগ দিলে। তাৰ পাছত ৰ্যুকো আউট কৰা হয় যদিও ৰালফি এলবাৰ্ট আৰু জেক হোমে অন্তিম ১১.৫ অভাৰত ধৰি ৰাখি ইংলেণ্ডক পৰাজয়ৰ পৰা ৰক্ষা কৰে।

চমুকৈ স্ক'ৰকাৰ্ড:

ভাৰত অনূৰ্ধ্ব-১৯: প্ৰথম ইনিংছ: ৫৪০ (মাত্ৰে ১০২, কুণ্ডু ৯০, কুমাৰ ৮৫, আম্ব্ৰিছ ৭০, মালহোত্ৰা ৬৭; গ্ৰীণ ৩/৭৪) দ্বিতীয় ইনিংছ: ২৪৮ (মলহোত্ৰা ৬৩, সূৰ্য্যবংশী ৫৬, আম্ব্ৰিছ ৫৩; ভৌগান ৬/৮৪)

ইংলেণ্ড অনূৰ্ধ্ব-১৯: প্ৰথম ইনিংছ: ৪৩৯ (ফ্লিনটফ ৯৩, শ্বেখ ৮৪, একাঞ্চ ৫৯; হেনিল ৩/৮১, সূৰ্য্যবংশী ২/৩৫) দ্বিতীয় ইনিংছ: ২৭০/৭ (শ্বেখ ১১২, মেয়েছ ৫১, ৰেউ ৫০) মেচ ড্ৰ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande