চণ্ডীগড়, ১৫ জুলাই (হি.স.)। বিশ্বৰ আটাইতকৈ বয়সীয়াল খেলুৱৈ ফৌজা সিং আৰু নাই। পথ দুৰ্ঘটনাত আহত সিঙৰ যোৱাকালি সোমবাৰে নিশা পঞ্জাৱৰ জলন্ধাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। বিশ্বৰ আটাইতকৈ বয়সীয়াল দৌৰবিদ জনৰ মৃত্যুৰ সময়ত বয়স আছিল ১১৪ বছৰ। পৰিয়ালৰ লোকে জনোৱা মতে, মঙলবাৰে ফৌজা সিঙৰ জন্ম গাঁৱত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। জলন্ধৰৰ সমীপৰ বিয়াছ পিণ্ডত পুত্ৰৰ সৈতে সিঙেই কিছুবছৰ ধৰি বাস কৰিছিল।
ফৌজা সিংক টাৰ্বান টৰ্নেডো নামেৰে জনা গৈছিল। পৰিয়ালৰ লোকে আৰক্ষীক দিয়া এজাহাৰত কয় যে সোমবাৰে সন্ধিয়া ফৌজা সিঙে নিশাৰ আহাৰ গ্ৰহণ কৰি ঘৰৰ বাহিৰত খোজ কাঢ়ি আছিল। তেনেতে এখন গাড়ীয়ে তেওঁক খুন্দা মাৰিলে। ইয়াৰ বাবেই তেওঁ আঘাতপ্ৰাপ্ত হৈ বাগৰি পৰিল।
পৰিয়ালৰ লোকে তেওঁক চিকিৎসালয়লৈ লৈ যায় আৰু তাতেই যোৱা নিশা তেওঁৰ মৃত্যু হয়। আদমপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৰদেৱ সিঙৰ মতে, ফৌজা সিঙৰ পুত্ৰৰ এজাহাৰত গোচৰ ৰুজু কৰা হৈছে। এতিয়ালৈকে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন চিনাক্ত হোৱা নাই।
কোন আছিল ফৌজা সিং
ফৌজা সিঙৰ জন্ম হৈছিল ১৯১১ চনৰ ০১ এপ্ৰিলত পঞ্জাৱৰ জলন্ধৰ জিলাৰ বিয়াছ পিণ্ডত। ৯০ বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মাৰাথন দৌৰ আৰম্ভ কৰাত ফৌজা সিং চৰ্চালৈ আহে। কঠোৰ পৰিশ্ৰমৰ ভিত্তিত তেওঁ টাৰ্বান টৰ্নেডোৰ টেগ লাভ কৰে। ২০০৪ চনত ৯৩ বছৰ বয়সত লণ্ডনত মাৰাথন দৌৰ সম্পূৰ্ণ কৰে। ২০১১ চনত ১০০ বছৰ বয়সত টৰন্টোত মাৰাথন দৌৰ সম্পূৰ্ণ কৰে। ফৌজা সিঙক বৰ্তমানলৈকে বিশ্বৰ আটাইতকৈ বয়সীয়াল মাৰাথন দৌৰবিদ হিচাপে গণ্য কৰা হৈছিল। ১৯৯০ চনত বিদেশলৈ স্থানান্তৰিত হোৱা ফৌজা সিঙৰ ইংলেণ্ডৰ নাগৰিকত্ব আছিল। ১০০ বছৰ বয়সত তেওঁ মুঠ ৮টা অভিলেখ গঢ়িছিল আৰু ২০১৩ চনত তেওঁৰ ১০২ সংখ্যক জন্মদিন উপলক্ষে প্ৰতিযোগিতামূলক দৌৰৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া