ৰায়পুৰ, ১৫ জুলাই (হি.স.)। প্ৰৱৰ্তন সঞ্চালকালয়ৰ দলে মঙলবাৰে পুৱা ছত্তিশগড়ৰ দুৰ্গ জিলাৰ দীপক নগৰত অৱস্থিত সাগৰ হোটেলৰ বৃহৎ ব্যৱসায়ী, হোটেলৰ মালিক বিজয় আগৰৱালাৰ বাংলো আৰু কাৰ্যালয়ত অভিযান চলায়। দুৰ্গ-ভিলাই অঞ্চলৰ বৃহৎ ব্যৱসায়ীসকলৰ ভিতৰত বিজয় আগৰৱালাৰ নাম গণ্য কৰা হয়।
নিৰাপত্তাৰ বাবে ইডি দলৰ সৈতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান নিয়োগ কৰা হৈছে। ইডিৰ দলটো পুৱা ৬ বজাত ৩খন বাহনেৰে ইয়াত উপস্থিত হয়, য’ত চিআৰপিএফৰ লোকো আছিল। সাগৰ গ্ৰুপৰ বিভিন্ন নামেৰে বহুতো ফাৰ্ম আছে। এই গোটৰ পৰিয়ালৰ লগত জড়িত লোকসকলে চত্তীশগড়ৰ পূৰ্বৰ চৰকাৰত মধ্যাহ্ন ভোজনৰ এটা ডাঙৰ কাম লৈছিল। এই পৰিয়ালটোৰ ৰায়পুৰত ক’ৰ্টয়াৰ্ড মেৰিয়েটতো এখন ডাঙৰ হোটেল আছে।
সূত্ৰৰ পৰা জানিব পৰা মতে, ৰেল নীৰ কেলেংকাৰিত এই পৰিয়ালটোৰ সদস্যসকলৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। বিজয় আগৰৱালাৰ তিনিটা ভিন্ন নামত ফাৰ্ম আছে। তিনি ভাতৃৰ এই পৰিয়ালটো এতিয়া বিভক্ত হৈছে। ইডিয়ে অভিযান চলাই তিনি ভাতৃৰ ঘৰত। এই পৰিয়ালটোৰ ৰায়পুৰত ক’ৰ্টয়াৰ্ড মেৰিয়েটৰ এখন ডাঙৰ হোটেলো আছে।
ইডিৰ এই কার্যৰ আনুষ্ঠানিক কাৰণ প্রকাশ কৰা হোৱা নাই যদিও এই অভিযান আর্থিক অনিয়ম আৰু সন্দেহজনক লেনদেনৰ সৈতে জড়িত হ’ব পাৰে বুলি কোৱা হৈছে ৷
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া