চেন্নাই, ১৩ জুলাই (হি.স.)। তামিলনাডুৰ তিৰুভাল্লুৰ সমীপত দেওবাৰে পুৱা এখন মালবাহী ট্ৰেইনত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয়। দুৰ্ঘটনাটোৰ বাবে চেন্নাই-আৰাকোনাম ৰে'লপথৰ সেৱা সম্পূৰ্ণ বন্ধ হৈ পৰে। বিপদৰ প্ৰতি লক্ষ্য ৰাখি ওচৰৰ লোকসকলক নিৰাপদ স্থানলৈ লৈ যোৱা হয়। দুৰ্ঘটনাটোত কোনো লোকৰ প্ৰাণহানি হোৱা নাই। চেন্নাই চেণ্ট্ৰেলৰ পৰা ৪৩ কিলোমিটাৰ নিলগৰ তিৰুভাল্লুৰ-এগাট্টুৰ অংশত সংঘটিত হয় এই অগ্নিকাণ্ড।
ৰে’লৱেৰ চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, পুৱা প্ৰায় ৪.৩০ বজাত হঠাৎ এখন মালবাহী ট্ৰেইনত অগ্নিকাণ্ড সংঘটিত হয় আৰু জুই ক্ষীপ্ৰতাৰে পাঁচটা ৱেগনলৈ বিয়পি পৰে। এই মালবাহী ট্ৰেইনখনে এননোৰৰ পৰা ৪৫-৫২টা ডিজেল টেংকাৰ লৈ আহিছিল। অগ্নিনিৰ্বাপক বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দুটা দলে দুঘণ্টাৰ ভিতৰতে জুই নিয়ন্ত্ৰণ কৰাত সফল হয়। ক্ষতিগ্ৰস্ত ৱেগনসমূহ আঁতৰাই ট্ৰেক মেৰামতিৰ কাম আৰম্ভ হৈছে।
বিষাক্ত ধোঁৱাৰ বাবে তিৰুভাল্লুৰ আৰক্ষীয়ে অঞ্চলটো পৰা ওচৰ-চুবুৰীয়া লোকসকলক নিৰাপদ স্হানলৈ উলিয়াই আনে। পুৱা ১০:৩৭ বজাৰ ভিতৰত জুই নিৰ্বাপিত হয় যদিও ৰে’ল সেৱা সম্পূৰ্ণৰূপে বাহাৰ বাবে কোনো সময় দিয়া হোৱা নাই। দক্ষিণ ৰেলৱেই যাত্ৰীসকলৰ বাবে হেল্পলাইন নম্বৰ (০৪৪-২৫৩৫৪১৫১, ০৪৪-২৪৩৫৪৯৯৫) জাৰি কৰিছে।
এই অগ্নিকাণ্ডত ৫ টকা ৱেগনৰ বিস্তৰ ক্ষতিসাধন হৈছে। চেন্নাই-আৰাকোনাম পথৰ বিদ্যুৎ যোগান বন্ধ হৈ পৰাত সকলো উপনগৰীয়া ৰে’ল বন্ধ হৈ পৰে। বন্দে ভাৰত এক্সপ্ৰেছ (২০৬০৭), শতাব্দী এক্সপ্ৰেছ (১২০০৭)কে ধৰি ৮ খন এক্সপ্ৰেছ ৰে'ল বাতিল কৰা হৈছে। তিৰুভাল্লুৰ বা আৰাক্কোনাম-কাটপাডীৰ মাজত আন ৮খন ৰে’ল স্থগিত ৰখা হৈছে। গুদুৰ পথেৰে ৫খন ৰে’ল ডাইভাৰ্ট কৰা হয়। দক্ষিণ ৰেলৱেই এই অগ্নিকাণ্ডৰ কাৰণৰ তদন্ত আৰম্ভ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া