–কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ভাৰ্চুৱেল বৈঠকত পৰ্যালোচনা
ইম্ফল, ১১ জুলাই (হি.স.)। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লাই উত্তৰ-পূব অঞ্চলৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা সভা অনুষ্ঠিত কৰি ৰাজ্যখনৰ অগ্ৰগতি, প্ৰত্যাহ্বান আৰু চলি থকা প্ৰকল্পসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰাৰ লগতে উন্নয়নমূলক কাম-কাজ ক্ষিপ্ৰতাৰে কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। শুকুৰবাৰে অনুষ্ঠিত এই বৈঠকত উত্তৰ-পূব অঞ্চলৰ উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াইও ভাৰ্চুৱেলি অংশগ্ৰহণ কৰে।
এই বৈঠকত প’লো পৰ্যটন চাৰ্কিটৰ উন্নয়ন, বিশ্ববিখ্যাত লোকটক হ্ৰদৰ প্ৰচাৰ, কল তেল খেতিৰ প্ৰসাৰ আৰু শিপিনী সমাজৰ প্ৰতি সমৰ্থন আদি প্ৰাথমিক বিষয়সমূহৰ ওপৰত চৰ্চা কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াই শেহতীয়াকৈ অনুষ্ঠিত হোৱা উদীয়মান উত্তৰ-পূব বিনিয়োগকাৰী সন্মিলনৰ পৰা উদ্ভৱ হোৱা বিনিয়োগৰ সুযোগসমূহ পৰ্যালোচনা কৰি ইয়াৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে কেন্দ্ৰৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰে। বৈঠকত মণিপুৰৰ ৰাজ্যপাল ভল্লাই উত্তৰ-পূবৰ উন্নয়ন মন্ত্ৰালয়ৰ প্ৰকল্পসমূহ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰিবলৈ সংশ্লিষ্ট সকলো বিষয়াক নিৰ্দেশ দিয়ে। ৰাজভৱনে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত কয় যে বৈঠকৰ সময়ত ভৱিষ্যতৰ কৌশল আৰু অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহো চিনাক্ত কৰা হৈছে। বিবৃতি অনুসৰি লজিষ্টিক শক্তিশালী কৰা, বিনিয়োগ আকৰ্ষণ কৰা, গ্ৰাম্য উন্নয়ন ত্বৰান্বিত কৰা, অগ্ৰাধিকাৰ প্ৰকল্পসমূহ নিৰীক্ষণ কৰা আৰু ড’নাৰ আৰু নৰ্থ-ইষ্ট কাউন্সিলৰ অধীনত বাকী থকা আঁচনিসমূহ সম্পূৰ্ণ কৰাটো বৈঠকৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছিল।
বৈঠকত মণিপুৰৰ মুখ্য সচিব পি সিঙে ৰাজ্যখনৰ অগ্ৰগতি, প্ৰত্যাহ্বান আৰু চলি থকা প্ৰকল্পসমূহৰ বিষয়ে বিতং তথ্য প্ৰদান কৰে। তেওঁ হস্ততাঁত, হস্তশিল্প, বস্ত্ৰ উদ্যোগ, পৰ্যটন, পৰিবহণ, সংযোগ আৰু পাম তেল উৎপাদনৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰতো আলোচনা কৰে। বৈঠকত মন্ত্ৰী সিন্ধিয়াই কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত অবিৰত সহযোগিতাক মণিপুৰৰ ৰূপান্তৰ আৰু সামগ্ৰিক উন্নয়নৰ বাবে প্ৰয়োজনীয় বুলি অভিহিত কৰে। পুনৰীক্ষণ বৈঠকত ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া