মধ্য গাজাত ইজৰাইলৰ যুদ্ধ বিমানৰ গৰ্জন, হামাছৰ সন্ত্ৰাসবাদী নিহত
গাজা পট্টী, ১০ জুলাই (হি.স.)। ইজৰাইলে আজি পুৱা মধ্য গাজাত ব্যাপক বিমান আক্ৰমণ সংঘটিত কৰে। ইয়াৰ যুদ্ধ বিমানে ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে। ক্ষেপণাস্ত্ৰ, ৰকেট আৰু বোমা আক্ৰমণত নিহত হ’ল হামাছৰ এজন কুখ্যাত সন্ত্ৰাসবাদী। এই আক্ৰমণত ১৩ জন পেলেষ্টাইনী সা
গাজা


গাজা পট্টী, ১০ জুলাই (হি.স.)। ইজৰাইলে আজি পুৱা মধ্য গাজাত ব্যাপক বিমান আক্ৰমণ সংঘটিত কৰে। ইয়াৰ যুদ্ধ বিমানে ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে। ক্ষেপণাস্ত্ৰ, ৰকেট আৰু বোমা আক্ৰমণত নিহত হ’ল হামাছৰ এজন কুখ্যাত সন্ত্ৰাসবাদী। এই আক্ৰমণত ১৩ জন পেলেষ্টাইনী সাধাৰণ নাগৰিকেও প্ৰাণ হেৰুৱালে।

দ্য টাইমছ অৱ ইজৰাইলৰ বাতৰি অনুসৰি ইজৰাইল ডিফেন্স ফৰ্চে (আই ডি এফ) প্ৰকাশ কৰা অনুসৰি মধ্য গাজাত বিমান আক্ৰমণত ১৩ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইজৰাইলত ৭ অক্টোবৰৰ আক্ৰমণত নিহত হামাছৰ সন্ত্ৰাসবাদী জড়িত আছিল। আইডিএফৰ বিবৃতি অনুসৰি জোৱানসকলে মধ্য গাজাৰ ডেৰ আল বালাত আত্মগোপন কৰি থকা হামাছৰ এজন সন্ত্ৰাসবাদীক লক্ষ্য কৰি লৈছিল।

পেলেষ্টাইনৰ সংবাদ মাধ্যমে দাবী কৰিছে যে এই বিমান আক্ৰমণত আঠগৰাকী মহিলা আৰু শিশুসহ ১৩ জন লোক নিহত হৈছে। ইয়াৰ বাবে আইডিএফে দুখ প্ৰকাশ কৰি কয় যে এই দাবীৰ তদন্ত চলি আছে। জৰ্ডান নিউজ পৰ্টেলে এই ইজৰাইলী আক্ৰমণৰ প্ৰতিবেদনত দাবী কৰিছে যে আজি পুৱা ইজৰাইলৰ যুদ্ধ বিমানে মধ্য গাজাৰ ডেৰ আল-বালাহত শিশুৰ বাবে পুষ্টিকৰ পৰিপূৰক লাভ কৰিবলৈ শাৰী পাতি থিয় হৈ থকা সাধাৰণ নাগৰিকৰ এটা দলৰ ওপৰত বোমা নিক্ষেপ কৰে। ইয়াৰ ফলত ১৩ জন পেলেষ্টাইনী নিহত হয়। ইয়াৰে অধিকাংশই শিশু আৰু মহিলা।

ইয়াৰ উপৰিও মধ্য গাজাৰ নুছেৰাট শৰণাৰ্থী শিবিৰৰ এটা ঘৰক লক্ষ্য কৰি ইজৰাইলৰ বিমান আক্ৰমণত এজন লোক নিহত হয়। এই শিবিৰৰ বজাৰ এলেকাত ইজৰাইলৰ সেনাই সাধাৰণ নাগৰিকৰ ভিৰৰ ওপৰত আক্ৰমণ চলাই আন এজন লোক নিহত হোৱাৰ লগতে আন দহজন লোক আহত হয়। আল-বুৰেইজ শৰণাৰ্থী শিবিৰৰ এটা ঘৰত আক্ৰমণত আৰু চাৰিজন পেলেষ্টাইনী নিহত। পৰ্টেলটোৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে দক্ষিণ গাজাৰ খান ইউনিছৰ পূব দিশত থকা বানি চুহাইলা ঘূৰণীয়া পথৰ সমীপত ইজৰাইলী সেনাই স্থানচ্যুত লোকক আশ্ৰয় দিয়া বিদ্যালয়ত বোমা বিস্ফোৰণত এটা পৰিয়ালৰ সাতজন সদস্য নিহত হৈছে। ৰাফাহৰ পশ্চিমে থকা আল-মাৱাছি অঞ্চলত ইজৰাইলৰ আক্ৰমণত আৰু দুজন লোক নিহত হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande