দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইউন চুক-ইয়েলক পুনৰ গ্ৰেপ্তাৰ কৰাত আদালতৰ অনুমোদন
- সামৰিক আইন সম্পৰ্কীয় গোচৰৰ নতুন দিশ ছিউল, ১০ জুলাই (হি.স.)। দক্ষিণ কোৰিয়াৰ ছিউল কেন্দ্ৰীয় জিলা আদালতে বৃহস্পতিবাৰে পুৱাই দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইউন চুক-ইয়েলক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ অনুমোদন জনায়। ডিচেম্বৰ মাহত তেওঁ অলপ সময়ৰ বাবে জাপি দিয়া
দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউনিয়ন ছুক ইয়েল


- সামৰিক আইন সম্পৰ্কীয় গোচৰৰ নতুন দিশ

ছিউল, ১০ জুলাই (হি.স.)। দক্ষিণ কোৰিয়াৰ ছিউল কেন্দ্ৰীয় জিলা আদালতে বৃহস্পতিবাৰে পুৱাই দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইউন চুক-ইয়েলক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ অনুমোদন জনায়। ডিচেম্বৰ মাহত তেওঁ অলপ সময়ৰ বাবে জাপি দিয়া সামৰিক আইন সম্পৰ্কীয় গুৰুতৰ অভিযোগত এই গ্ৰেপ্তাৰ কৰা হৈছে। ইয়ুনে প্ৰমাণৰ সৈতে ইফাল-সিফাল কৰিব পাৰে বুলি বিশেষ অভিযুক্তৰ যুক্তি আদালতে মানি লৈছিল।

ৰাজধানী ছিউলৰ ওচৰৰ ডিটেনচন চেণ্টাৰলৈ ঘূৰাই পঠিওৱা হৈছে ইউন ছুক-ইয়েলক। মন কৰিবলগীয়া যে মাৰ্চ মাহত ইতিমধ্যে তেওঁক মুকলি কৰি দিয়া হৈছিল, যেতিয়া জানুৱাৰী মাহত আদালতে তেওঁক গ্ৰেপ্তাৰ বাতিল কৰিছিল আৰু বিচাৰৰ সময়ত তেওঁক জিম্মাত ৰখাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰা নাছিল।

প্ৰাক্তন ৰাষ্ট্ৰপতি ইউনৰ বিৰুদ্ধে বিশেষ অভিযোজক চ’ ইউন-ছুকৰ দলটোৱে দেশদ্ৰোহ, ক্ষমতাৰ অপব্যৱহাৰ, চৰকাৰী কামত বাধা দিয়া, চৰকাৰী নথি-পত্ৰ হেৰ ফেৰ আদি গুৰুতৰ অভিযোগত নতুন গোচৰ ৰুজু কৰাৰ বাবে সাজু হৈছে ।

দেওবাৰে দলটোৱে ইউনক দুবাৰকৈ জেৰা কৰি গ্ৰেপ্তাৰৰ পৰোৱানাৰ বাবে আবেদন দাখিল কৰে। ইউনৰ অধিবক্তাই ইয়াক অত্যধিক আৰু ভিত্তিহীন বুলি অভিহিত কৰে যদিও আদালতে গ্ৰেপ্তাৰৰ ন্যায্যতা প্ৰদান কৰে।

প্ৰথম অৱস্থাত ইয়ুনক ২০ দিনৰ বাবে আটক কৰিব পাৰে। যদিহে নতুন অভিযোগৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হয় তেন্তে তেওঁ ৬ মাহ জিম্মাত থাকিব পাৰে। এই সময়ছোৱাত আদালতে প্ৰাথমিক শুনানি গ্ৰহণ কৰিব। দোষী সাব্যস্ত হ’লে তেওঁক জেলৰ শাস্তি দিয়া হ’ব পাৰে, তাৰ পিছত গোচৰটো উচ্চ ন্যায়ালয়লৈ যাব পাৰে।

মন কৰিবলগীয়া যে যোৱা বছৰৰ ০৩ ডিচেম্বৰত ইউনে সামৰিক আইন ঘোষণা কৰিছিল আৰু কৈছিল যে তেওঁৰ ৰাষ্ট্ৰ বিৰোধী উদাৰবাদী বিৰোধীয়ে তেওঁৰ নীতিত ব্যাঘাত জন্মাইছে। কিন্তু মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে এই পদক্ষেপৰ প্ৰতিক্ৰিয়া হ’ল যেতিয়া সাংসদসকলে সামৰিক অৱৰোধ ভাঙি সংসদত প্ৰৱেশ কৰি সামৰিক আইন বাতিল কৰিবলৈ ভোটদান কৰে।

ইয়াৰ পিছত ১৪ ডিচেম্বৰত অভিযোগনামাৰ জৰিয়তে ইউনক ক্ষমতাৰ পৰা অপসাৰণ কৰা হয় আৰু ২৬ জানুৱাৰীত তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন কৰি অভিযোগনামা দাখিল কৰা হয়। সংসদ আৰু নিৰ্বাচনী কাৰ্যালয়সমূহ বলপূৰ্বকভাৱে নিয়ন্ত্ৰণ কৰি ৰাজনৈতিক বিৰোধীক কাৰাগাৰত ভৰোৱাৰ পৰিকল্পনা কৰিছিল বুলি অভিযোগ উত্থাপন কৰে বিচাৰ বিভাগে।

এই অভিযোগত দোষী সাব্যস্ত হ’লে মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি হ’ব পাৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande