জয়পুৰ, ০১ জুলাই (হি.স.)। ৰাজস্থানৰ জয়পুৰৰ নাহৰগড় জৈৱিক উদ্যানত একেলগে পাঁচটা পোৱালি জন্ম দি দেশত এক নতুন অভিলেখ সৃষ্টি কৰিছে বাঘ ‘ৰাণীয়ে’। ভাৰতত এইবাৰ প্ৰথমবাৰৰ বাবে একেলগে পাঁচটা সুস্থ পোৱালি জন্ম দিছে কোনো বাঘিনীয়ে। উদ্যান প্ৰশাসনে মঙলবাৰে ইয়াৰ ফটো আৰু ভিডিঅ’ প্ৰকাশ কৰাৰ লগতে পোৱালিকেইটাৰ বিষয়ে তথ্য ভাগ-বতৰা কৰে।
উদ্যানখনৰ জ্যেষ্ঠ পশু চিকিৎসক ডাঃ অৰবিন্দ মাথুৰে কয় যে বাঘিনী ‘ৰাণী’য়ে ২০২৫ চনৰ ২৭ এপ্ৰিলত দুটা মাইকী আৰু তিনিটা মতা পোৱালি জন্ম দিছিল। দুমাহ ধৰি সুৰক্ষা আৰু যত্ন লোৱাৰ অন্তত এতিয়া মাতৃ ৰাণীৰ সৈতে ক্ৰাল (মুকলি ঘেৰাও)ত এৰি দিয়া হৈছে, য’ত পোৱালি কেইটাই বাৰিষা উপভোগ কৰি আছে। এতিয়া উদ্যানখনলৈ অহা পৰ্যটকসকলে ৰাণী আৰু তাইৰ সৰু পোৱালি কেইটা প্ৰত্যক্ষ কৰিব পাৰিব।
ডাঃ মাথুৰে কয় যে ৰোগ প্ৰতিৰোধৰ বাবে আটাইকেইটা পোৱালিক টিকা দিয়া হৈছে। চিনাক্তকৰণৰ বাবে তেওঁলোকৰ লিংগ পৰীক্ষাও কৰা হৈছিল, য’ত এটা বগা আৰু দুটা সোণালী পোৱালি মতা, বাকী দুটা সোণালী পোৱালি মাইকী। তেওঁ কয় যে পোৱালিবোৰক এতিয়া নিয়মিতভাৱে মাতৃৰ লগত মুকলি ক্ৰালত ৰখা হ’ব যাতে ইহঁতে প্ৰাকৃতিক পৰিৱেশত খেলা-ধূলা কৰিব পাৰে, মাটিৰ সংস্পৰ্শলৈ আহিব পাৰে আৰু সামাজিক আচৰণ গঢ়ি তুলিব পাৰে। ইয়াৰ ফলত সিঁহতৰ শাৰীৰিক আৰু মানসিক বৃদ্ধিৰ উন্নতি ঘটিব। লগতে আগষ্ট মাহত ইঁহতক বুষ্টাৰ ড’জ দিয়া হ’ব।
উল্লেখযোগ্য যে ৰাণীয়ে ইয়াৰ পূৰ্বে ২০২৪ চনৰ ১০ মে’ত তিনিটা পোৱালি জন্ম দিছিল, তাৰে এটা পোৱালিৰ মৃত্যু হৈছিল। বাকী দুটা পোৱালি এতিয়াও সম্পূৰ্ণ সুস্থ আৰু উদ্যানখনৰ দৰ্শনাৰ্থীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈয়েই আছে। উদ্যান প্ৰশাসনে বাঘিনী ৰাণী আৰু ইয়া ৰ পোৱালিবোৰৰ যত্ন লোৱাৰ বিশেষ ব্যৱস্থা কৰিলে। গৰমৰ পৰা সকাহ পাবলৈ ৰঙৰ স্প্ৰে, বস্তা, বিশেষ খাদ্যৰ ব্যৱস্থা কৰা হৈছিল। উদ্যানৰ কৰ্মচাৰীৰ অহৰহ নিৰীক্ষণত ৰাণী আৰু তাইৰ সকলো পোৱালি সুস্থ হৈ আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া