ইৰাকৰ কিৰকুক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰকেট আক্ৰমণ, বৃহৎ বিস্ফোৰণ
বাগদাদ, ০১ জুলাই (হি.স.)। ইৰাকৰ কিৰকুক চহৰত এক বৃহৎ বিস্ফোৰণৰ শব্দই জোকাৰি গ’ল। উত্তৰ ইৰাকৰ কিৰকুক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সামৰিক অংশত পৰিল দুটা ৰকেট। এইবোৰত এজনৰ পৰা দুজন নিৰাপত্তাৰক্ষী আহত হোৱা বুলি জানিব পৰা গৈছে। মহানগৰীৰ এটা ঘৰত বাগৰি পৰিছে
ইৰাকৰ কিৰকুক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰকেট আক্ৰমণ, বৃহৎ বিস্ফোৰণ


বাগদাদ, ০১ জুলাই (হি.স.)। ইৰাকৰ কিৰকুক চহৰত এক বৃহৎ বিস্ফোৰণৰ শব্দই জোকাৰি গ’ল। উত্তৰ ইৰাকৰ কিৰকুক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সামৰিক অংশত পৰিল দুটা ৰকেট। এইবোৰত এজনৰ পৰা দুজন নিৰাপত্তাৰক্ষী আহত হোৱা বুলি জানিব পৰা গৈছে। মহানগৰীৰ এটা ঘৰত বাগৰি পৰিছে তৃতীয়টো ৰকেট। এই পৰ্যন্ত কোনো এটা গোটে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই।

ইৰাকৰ সংবাদ সংস্থা আইএনএৰ উদ্ধৃতি দি ইৰাণৰ মেহৰ আৰু তুৰস্কৰ আনাডোলু নিউজ এজেন্সীয়ে কিৰ্কুকত এই আক্ৰমণৰ বাতৰি প্ৰকাশ কৰিছে। আই এন এৰ মতে, বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে, সোমবাৰে গভীৰ নিশা কিৰ্কুক বিমানবন্দৰত তিনিটা (ৰকেট) প্ৰক্ষেপাস্ত্ৰ নিক্ষেপ কৰা হয়।

খবৰ অনুসৰি এই আক্ৰমণত এজন ব্যক্তি সামান্য আহত হয়। স্থানীয় সময় অনুসৰি (২০৩০ জিএমটি) নিশা ১১.৩০ বজাত বিমানবন্দৰৰ সামৰিক অংশত দুটা আৰু অসামৰিক অঞ্চলত এটা ৰকেট পৰিল। ইয়াৰ ফলত সামৰিক এলেকাৰ গাতে লাগি থকা এখন গেটৰ সমীপৰ জোপোহাত অগ্নিকাণ্ড সংঘটিত হয়। লগে লগে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে। ৰাণৱে বা বিমানবন্দৰৰ সুবিধাৰ কোনো ক্ষতি হোৱা নাই।

বিষয়াসকলৰ বিবৃতিত কোৱা হৈছে যে বিমানবন্দৰৰ সকলো উপাদান সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ আছে। কিৰ্কুক অপাৰেচন কমাণ্ডৰ নিৰাপত্তা বাহিনীয়ে তৎক্ষণাত সঁহাৰি জনাই বিমানবন্দৰৰ চাৰিওফালে জোৱান নিয়োগ কৰে। বিবৃতি অনুসৰি তেওঁলোকে কোনো ধৰণৰ ভাবুকি নাই বুলিও নিশ্চিত কৰিছে আৰু এই কাণ্ডৰ ফলত নিৰ্ধাৰিত বিমান সেৱাত কোনো ধৰণৰ ব্যাঘাত জন্মাব নোৱাৰিব বুলিও তেওঁলোকে নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে ইৰাকৰ নিৰাপত্তাৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, ইৰাকৰ কিৰকুক বিমান ঘাটি আৰু এটা অসামৰিক ঘৰত দুটা ৰকেট পৰি যায় যদিও কোনো লোকৰ মৃত্যু বা বস্তুগত ক্ষতি হোৱা নাই।

মন কৰিবলগীয়া যে ২০২২ চনৰ ১৬ অক্টোবৰত এই বিমানবন্দৰটো আনুষ্ঠানিকভাৱে সাধাৰণ নাগৰিকৰ বাবে মুকলি কৰা হৈছিল। ২০০৩ চনৰ পৰা ইয়াক আমেৰিকাৰ বায়ুসেনাই সামৰিক বিমানবন্দৰ হিচাপে ব্যৱহাৰ কৰিছিল। ২০১১ চনৰ নৱেম্বৰ মাহত ইয়াক ইৰাকী সেনাক ঘূৰাই দিয়া হৈছিল।

মধ্যপ্ৰাচ্যৰ প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে ইৰাক দীৰ্ঘদিন ধৰি ড্ৰোন আৰু ৰকেট আক্ৰমণৰ যুদ্ধক্ষেত্ৰ হৈ আহিছে। কেৱল এয়াই নহয়, ইৰাক প্ৰক্সি যুদ্ধৰ বাবেও উৰ্বৰ ভূমি হিচাপে প্ৰমাণিত হৈছে। দশক দশক ধৰি চলি থকা বিধ্বংসী সংঘাত আৰু উত্তাল পৰিস্থিতিৰ অন্তত ইয়াৰ স্থিতিশীলতাৰ আভাস শেহতীয়াকৈহে লাভ কৰিছে।

যোৱা সপ্তাহত ১২ দিনীয়া ইৰাণ-ইজৰাইল যুদ্ধৰ অন্ত পেলোৱা যুদ্ধবিৰতিৰ কেইঘণ্টামান পূৰ্বে বাগদাদ আৰু দক্ষিণ ইৰাকৰ দুটা সামৰিক ঘাটিত অচিনাক্ত ড্ৰ’নে ৰাডাৰ ব্যৱস্থাত আক্ৰমণ চলাইছিল। এই আক্ৰমণৰ দোষীক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। ইৰাক চৰকাৰে ড্ৰ’ন আক্ৰমণৰ তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে যদিও এতিয়াও কোনো দোষীক চিনাক্ত কৰা নাই।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande