চেন্নাই, ০১ জুলাই (হি.স.)। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে বিৰুধনগৰ জিলাৰ সত্তুৰ তালুকৰ চিন্নাক্কমনপট্টি গাঁৱৰ ব্যক্তিগত ফটকা কাৰখানাত সংঘটিত হোৱা বিস্ফোৰণত নিহতসকলৰ পৰিয়ালক ৪ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। শ্ৰমিকসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ শোক প্ৰকাশ কৰে।
এক বিবৃতিত আজি (০১.০৭.২০২৫) পুৱা প্ৰায় ৮.৩০ বজাত বিৰুধনগৰ জিলাৰ সত্তুৰ তালুকৰ চিন্নাক্কমনপট্টি গাঁৱত চলি থকা ব্যক্তিগত মালিকানাধীন ফটকা কাৰখানাত এক অভাৱনীয় বিস্ফোৰণ সংঘটিত হোৱাৰ মৰ্মান্তিক খবৰটো শুনি মুখ্যমন্ত্ৰীগৰাকীয়ে গভীৰভাৱে স্তম্ভিত আৰু দুখ পাইছো বুলি উল্লেখ কৰে। ৭ জন লোকৰ থিতাতে মৃত্যু হয় ।
তেওঁ কয়, এই বিস্ফোৰণত আহত শিৱকাশি চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা পাঁচজন লোকৰ বাবেও বিশেষ চিকিৎসাৰ নিৰ্দেশ দিছো।
মুখ্যমন্ত্রী গৰাকীয়ে আৰু কয়, এই দুৰ্ঘটনাত মৃতকৰ পৰিয়াল আৰু আত্মীয়ৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো। মৃতকৰ পৰিয়ালক ৪ লাখকৈ, গুৰুতৰভাৱে আহত আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাসকলক ১ লাখ টকাকৈ আৰু নাবালক আহত আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাসকলক মুখ্যমন্ত্ৰীৰ সাহাৰ্য কোষৰ পৰা ৫০ হাজাৰকৈ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছো।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া