- ক্ৰীড়া আৰু অলিম্পিক ২০৩৬ৰ বাবে প্ৰস্তুতিৰ জৰিয়তে ৰাষ্ট্ৰীয় উন্নয়নৰ দিশত বৃহৎ পদক্ষেপ
নতুন দিল্লী, ০১ জুলাই (হি.স.)। কেন্দ্ৰীয় চৰকাৰে ভাৰতক বিশ্বব্যাপী ক্ৰীড়া মহাশক্তি হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে নতুন ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি ২০২৫ (এন এছ পি-২০২৫) লৈ আহিছে। এন এছ পি-২০২৫ য়ে ২০০১ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া নীতিৰ ঠাই ল’ব। ইয়াৰ লক্ষ্য হৈছে ক্ৰীড়াৰ জৰিয়তে নাগৰিকক সবলীকৰণ কৰা আৰু ২০৩৬ চনৰ অলিম্পিককে ধৰি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উৎকৃষ্ট প্ৰদৰ্শন আৰু সংগঠনৰ বাবে ভাৰতক প্ৰস্তুত কৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি-২০২৫ অনুমোদন। চৰকাৰে কয় যে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, নিটি আয়োগ, ক্ৰীড়া সন্থা, খেলুৱৈ আৰু বিশেষজ্ঞসকলক লৈ ব্যাপক আলোচনাৰ অন্তত এই নীতি প্ৰস্তুত কৰা হৈছে। এই নীতি পাঁচটা ডাঙৰ স্তম্ভৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মঙলবাৰে সংবাদমেলযোগে এই তথ্য প্ৰদান কৰে। তেওঁ জনায় যে ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি-২০২৫ সফল ৰূপায়ণৰ বাবে এক সুদৃঢ় কৌশলগত কাঠামো প্ৰস্তুত কৰা হৈছে। ই শক্তিশালী ক্ৰীড়া প্ৰশাসনৰ অধীনত ক্ৰীড়াৰ বাবে এক শক্তিশালী আইনী আৰু নিয়ন্ত্ৰণ কাঠামো গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে। ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণক উৎসাহিত কৰি পিপিপি মডেল আৰু কৰ্পৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ)ৰ জৰিয়তে আৰ্থিক সহযোগিতা আৰু সমৰ্থন লাভ কৰা হ’ব।
কৃত্ৰিম বুদ্ধিমত্তা, তথ্য বিশ্লেষণ আৰু গৱেষণাৰ দৰে প্ৰযুক্তিগত উদ্ভাৱনৰ জৰিয়তে খেলুৱৈসকলৰ প্ৰদৰ্শনৰ মূল্যায়ন আৰু আঁচনিসমূহ নিৰীক্ষণ কৰা হ’ব বুলি তেওঁ জনায়। নীতিত ৰাষ্ট্ৰীয় নিৰীক্ষণ কাঠামোও প্ৰস্তাৱ কৰা হৈছে, য’ত স্পষ্ট মূল পৰিৱেশন সূচক (কেপিআই), লক্ষ্য আৰু সময় নিৰ্ধাৰণ কৰা পৰিকল্পনা অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক এই নীতিৰ লগত সংগতি ৰাখি ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া নীতি প্ৰণয়ন কৰিবলৈ উৎসাহিত কৰা হ’ব। ক্ৰীড়াৰ সামগ্ৰিক উন্নয়নৰ বাবে এক সংহত চৰকাৰী পদ্ধতি গ্ৰহণ কৰা হ’ব, যাতে সকলো মন্ত্ৰালয় আৰু বিভাগৰ আঁচনিত ক্ৰীড়াৰ সংহত অন্তৰ্ভুক্তি নিশ্চিত কৰা হ’ব।
ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি ২০২৫ পাঁচটা প্ৰধান স্তম্ভৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে - বিশ্বব্যাপী মঞ্চত উৎকৃষ্টতা, অৰ্থনৈতিক উন্নয়ন, সামাজিক অন্তৰ্ভুক্তি, জনসাধাৰণৰ অংশগ্ৰহণ আৰু শিক্ষাৰ সৈতে একত্ৰীকৰণ। ইয়াৰ উদ্দেশ্য হৈছে গ্ৰাম্য পৰ্যায়ৰ পৰা নগৰ পৰ্যায়লৈ ক্ৰীড়াৰ বিকাশ কৰা, খেলুৱৈসকলক বিশ্বমানৰ প্ৰশিক্ষণ প্ৰদান কৰা, ক্ৰীড়াক উদ্যোগৰ সৈতে সংযোগ কৰা, পৰম্পৰাগত ক্ৰীড়াক পুনৰুজ্জীৱিত কৰা আৰু ফিটনেছ অভিযানৰ জৰিয়তে এক গণ আন্দোলন গঢ়ি তোলা। এই নীতিত বিদ্যালয়ৰ শিক্ষাত ক্ৰীড়া অন্তৰ্ভুক্তি, শিক্ষক প্ৰশিক্ষণ আৰু দ্বৈত কেৰিয়াৰ আঁচনি আদি অন্তৰ্ভুক্ত কৰা হৈছে। সফল ৰূপায়ণৰ বাবে শক্তিশালী প্ৰশাসন, ব্যক্তিগত অংশগ্ৰহণ, প্ৰযুক্তিগত উদ্ভাৱন, নিৰীক্ষণ ব্যৱস্থা, ৰাজ্যসমূহৰ বাবে আৰ্হি নীতি আৰু সকলো বিভাগতে ক্ৰীড়া অন্তৰ্ভুক্ত কৰাটো নিশ্চিত কৰা হৈছে।
নীতিৰ সৈতে জড়িত পাঁচটা প্ৰধান স্তম্ভ হ’ল-
১) বিশ্বব্যাপী মঞ্চত উৎকৃষ্টতাৰ লক্ষ্যতৃণমূল পৰ্যায়ৰ পৰা অভিজাত পৰ্যায়লৈকে প্ৰতিভা চিনাক্ত আৰু লালন-পালনৰ বাবে ফলপ্ৰসূ কাঠামো।
গ্ৰাম্য আৰু নগৰ উভয় অঞ্চলতে ক্ৰীড়া আন্তঃগাঁথনিৰ উন্নয়ন আৰু প্ৰতিযোগিতামূলক লীগৰ প্ৰসাৰ।
প্ৰশিক্ষক, প্ৰশিক্ষণ আৰু খেলুৱৈ সহায় ব্যৱস্থাক বিশ্বমানৰ কৰি তোলা।
ক্ৰীড়া বিজ্ঞান, চিকিৎসা আৰু প্ৰযুক্তিৰ জৰিয়তে খেলুৱৈৰ প্ৰদৰ্শন বৃদ্ধি কৰা।
প্ৰশিক্ষক, কাৰিকৰী বিষয়া আৰু সহায়ক কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰু বিকাশ।
২) ক্ৰীড়াৰ জৰিয়তে অৰ্থনৈতিক উন্নয়ন ক্ৰীড়া পৰ্যটনক প্ৰসাৰ কৰা আৰু ভাৰতত আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান আয়োজন কৰিবলৈ উৎসাহিত কৰা।
ক্ৰীড়া সামগ্ৰী নিৰ্মাণ আৰু ষ্টাৰ্টআপক সহায় কৰি উদ্যোগৰ বিকাশ।
পিপিপি মডেল, চিএছআৰ আৰু উদ্ভাৱন ভিত্তিক পুঁজিৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ।
৩) সামাজিক বিকাশত ক্ৰীড়াৰ ভূমিকামহিলা, আৰ্থিকভাৱে দুৰ্বল শ্ৰেণী, জনজাতীয় জনগোষ্ঠী আৰু দিব্যাংজানৰ সক্ৰিয় অংশগ্ৰহণ।
থলুৱা আৰু পৰম্পৰাগত ক্ৰীড়াক পুনৰুজ্জীৱিত কৰাত গুৰুত্ব।
শিক্ষাত অন্তৰ্ভুক্তি, স্বেচ্ছাসেৱী কাৰ্য্যৰ প্ৰসাৰ আৰু ক্ৰীড়াক কেৰিয়াৰ বিকল্প হিচাপে প্ৰতিষ্ঠা কৰিবলৈ দ্বৈত কেৰিয়াৰ আঁচনি।
ক্ৰীড়াৰ জৰিয়তে প্ৰব্ৰজনকাৰীক সংযোগ কৰা।
৪) ক্ৰীড়াক গণ আন্দোলন হিচাপে গঢ়ি তোলা সমগ্ৰ দেশতে ফিটনেছ অভিযান আৰু সামূহিক অনুষ্ঠানৰ জৰিয়তে জনসাধাৰণৰ অংশগ্ৰহণক প্ৰসাৰ কৰা।
বিদ্যালয়, মহাবিদ্যালয় আৰু কৰ্মক্ষেত্ৰৰ বাবে ফিটনেছ সূচকাংক প্ৰৱৰ্তন কৰা।
সকলোৰে বাবে ক্ৰীড়াৰ সুবিধা নিশ্চিত কৰা।
৫) শিক্ষাৰ সৈতে একত্ৰীকৰণবিদ্যালয়ৰ পাঠ্যক্ৰমত ক্ৰীড়া অন্তৰ্ভুক্ত কৰা।
শাৰীৰিক শিক্ষাবিদ আৰু শিক্ষকসকলক বিশেষ প্ৰশিক্ষণ দি ক্ৰীড়া শিক্ষাক শক্তিশালী কৰা।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া