গোৰখপুৰ, ০১ জুলাই (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মঙলবাৰে গোৰখপুৰত উত্তৰ প্ৰদেশৰ প্ৰথমখন আয়ুষ বিশ্ববিদ্যালয় উদ্বোধন কৰে । এই আয়ুষ বিশ্ববিদ্যালয়খন ভাটহাট অঞ্চলৰ পিপৰিত ৫২ একৰ মাটিকালিত নিৰ্মাণ কৰা হৈছে। এই বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে ২৬৭.৫০ কোটি টকা ব্যয় কৰা হৈছে।
ইউ পিৰ প্ৰথমখন আয়ুষ বিশ্ববিদ্যালয়ে চিকিৎসা শিক্ষাৰ লগতে নিয়োগৰ নতুন দুৱাৰ মুকলি কৰিব। এই উপলক্ষে ৰাজ্যপাল আনন্দী বেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উপস্থিত থাকে।
উল্লেখযোগ্য যে আয়ুৰ্বেদ, ইউনানী আৰু হোমিঅ’পেথীৰ অ’পিডি ইতিমধ্যে চলি আছে। এতিয়া পঞ্চকৰ্ম আৰু অস্ত্ৰোপচাৰৰ সুবিধাও উপলব্ধ হ’ব। ইয়াৰ ফলত ৰাজ্যৰ কৃষি খণ্ডতো প্ৰভাৱ পৰিব। ঔষধি উদ্ভিদৰ খেতিৰ চাহিদাও বৃদ্ধি পাব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া