- বৈঠকত ২৪টা প্ৰস্তাৱ অনুমোদন, মুখ্যমন্ত্ৰী শিল্পী পেঞ্চন আঁচনিৰো অনুমোদন
পাটনা, ০১ জুলাই (হি.স.)। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ অধ্যক্ষতাত মঙলবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ অযোধ্যাৰ মতে মাতৃ সীতাৰ জন্মস্থান সীতামঢ়িৰ পুনৌৰাধামৰ উন্নয়নৰ বাবে ৮৮২ কোটি ৮৭ লাখ টকাৰ অনুমোদনকে ধৰি ২৪টা প্ৰস্তাৱ অনুমোদন কৰা হৈছে।
আজি কেবিনেট বৈঠকত ২৪টা এজেণ্ডাৰ ভিতৰত মুখ্যমন্ত্ৰী শিল্পী পেঞ্চন আঁচনিতো অনুমোদন জনোৱা হৈছে। ইয়াৰ ভিতৰত বিহাৰ ৰাজ্যৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে অহৰহ অৰিহণা যোগোৱা ৰাজ্যৰ জ্যেষ্ঠ শিল্পী আৰু জীৱিকা সংকটৰ সৈতে যুঁজি থকা উৎকৃষ্ট শিল্পীসকলক ৩০০০ টকাৰ পেঞ্চন দিয়া হ’ব। লগতে মুখ্যমন্ত্ৰীৰ প্ৰতিজ্ঞা যোজনাৰ অধীনত ২০২৫-২৬ চনত ৫০০০ হিতাধিকাৰী আৰু ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩০-৩১ লৈকে ১,০০,০০০ যুৱক-যুৱতীক উপকৃত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
বিহাৰত আৰম্ভ হ’ব মুখ্যমন্ত্ৰী গুৰু শিষ্য পৰম্পৰা যোজনা। ইয়াৰ বাবে ২০২৫-২৬ চনত ১ কোটি ১১ লাখ ৬০,০০০ টকাৰ প্ৰশাসনিক অনুমোদন লাভ কৰা হৈছে। কেন্দ্ৰীয় পৃষ্ঠপোষকতাত ৰাষ্ট্ৰীয় প্ৰাকৃতিক কৃষি অভিযান আঁচনিৰ অধীনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৩৬৩৫.১৫ লাখ টকাৰ প্ৰশাসনিক অনুমোদন দিয়া হৈছে।
চতুৰ্থ কৃষি পথ মানচিত্ৰ আঁচনিৰ অধীনত কৃষি সম্প্ৰসাৰণ আঁচনিৰ উপ-মিছন ৰূপায়ণৰ বাবে অনুমোদন লাভ কৰা হৈছে। বামেটি আৰু জিলা পৰ্যায়ৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাক ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৮০ কোটি ৯৯ লাখ ২০০০০ টকা অনুমোদন দিয়া হৈছে।
চতুৰ্থ কৃষি পথ মানচিত্ৰৰ অধীনত কেন্দ্ৰীয় পৃষ্ঠপোষকতাত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত কাম কৰা হ’ব। ভূমি পৰীক্ষণ পৰীক্ষাগাৰ স্থাপনৰ বাবে ২০২৫-২৬ ত ৩০ কোটি ৪৯ লাখ ৩৭, ২২৭ টকাৰ অনুমোদন দিয়া হৈছে।
বিহাৰ বিধানসভা সচিবালয়ত প্ৰশাসনিক কেডাৰত সঞ্চালক ৰাজীৱ কুমাৰৰ ঠিকাভিত্তিক নিয়োগ সমাপ্ত হোৱাৰ পিছত ১-৭-২০২৫ৰ পৰা সঞ্চালক পদত ঠিকাভিত্তিক নিয়োগ ১ বছৰৰ বাবে বৃদ্ধি কৰাৰ অনুমোদন দিয়া হৈছে।
অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী অধীক্ষক বিশেষ টাস্ক ফ’ৰ্চ ৰমাকান্ত প্ৰসাদৰ পুনৰ নিযুক্তিৰ সময়সীমা ১-৭- ২০২৫ৰ পৰা ৩০.৬.২০২৬লৈ ১ বছৰ বৃদ্ধি কৰা হৈছে। বিহাৰ ৰাজ্যিক পৰ্যায়ৰ পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু গ্ৰাম কাছাৰীৰ নিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী চিকিৎসা সাহায্য পুঁজিৰ পৰা অনুদানৰ সুবিধা প্ৰদান কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া