নতুন দিল্লী, ০১ জুলাই (হি.স.)। তামিলনাডুৰ ৮৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰমাকুদিৰ পৰা ৰামনাথপুৰমলৈ যোৱা অংশটো চাৰিলেন কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। এই প্ৰকল্পই আঞ্চলিক সংযোগ, পৰ্যটন আৰু নিয়োগক প্ৰসাৰিত কৰিব। নিৰ্মাণ ক্ষেত্ৰখনৰ মুঠ দৈৰ্ঘ্য ৪৬.৭ কিলোমিটাৰ আৰু আনুমানিক ব্যয় ১৮৫৩ কোটি টকা।
মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত এই সন্দৰ্ভত এই প্ৰস্তাৱত অনুমোদন জনোৱা হয়। এই সন্দৰ্ভত আয়োজন কৰা সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই তথ্য প্ৰদান কৰে। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে দক্ষিণ তামিলনাডুৰ প্ৰধান অৰ্থনৈতিক, সামাজিক আৰু লজিষ্টিক কেন্দ্ৰসমূহৰ মাজত নিৰৱচ্ছিন্ন সংযোগ নিশ্চিত কৰা। ইয়াৰ অধীনত দুটা প্ৰধান ৰে’ল ষ্টেচন (মদুৰাই আৰু ৰামেশ্বৰম), এটা বিমানবন্দৰ (মদুৰাই) আৰু দুটা সৰু বন্দৰ (পাম্বন আৰু ৰামেশ্বৰম) পথৰ যোগেদি সংযোগ কৰা হ’ব। ইয়াৰ দ্বাৰা যাত্ৰী আৰু সামগ্ৰীৰ দ্ৰুত চলাচল সম্ভৱ হ’ব।
বৈষ্ণৱে কয় যে এই প্ৰকল্পই আঞ্চলিক অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰাৰ লগতে প্ৰধান ধৰ্মীয় আৰু অৰ্থনৈতিক কেন্দ্ৰসমূহৰ মাজত সংযোগ সুদৃঢ় কৰিব। ইয়াৰ দ্বাৰা ৰামেশ্বৰ, ধনুষকোড়িৰ দৰে পৰ্যটন স্থলীৰ প্ৰচাৰ হ’ব। ইয়াৰ বাহিৰেও প্ৰায় ৮.৪ লাখ মেন ডে’ৰ প্ৰত্যক্ষ নিয়োগ আৰু ১০.৪৫ লাখ মেন ডে’ৰ পৰোক্ষ নিয়োগ সৃষ্টি হোৱাৰ অনুমান কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া