'মাণ্ডলা মাৰ্ডাৰ্ছ'ৰ পৰা বানী কাপুৰৰ শক্তিশালী ৰূপ প্ৰকাশ, মুক্তিৰ তাৰিখো নিশ্চিত
শেহতীয়াকৈ বাণী কাপুৰক অজয় ​​দেৱগনৰ সৈতে ‘ৰেইড-২’ ছবিত দেখা গৈছিল, য’ত তেওঁৰ অভিনয়ক অতিশয় প্ৰশংসা কৰা হৈছিল। ছবিখনে বক্স অফিচতো ভাল প্ৰদৰ্শন কৰিছিল। এতিয়া বাণী কাপুৰে অ’টিটিৰ জগতখনত প্ৰৱেশ কৰিবলৈ ওলাইছে। শীঘ্ৰেই দৰ্শকৰ সন্মুখত আহিব বাণীৰ প্ৰথমখন
মাণ্ডালা মাৰ্ডাৰ্ছ


শেহতীয়াকৈ বাণী কাপুৰক অজয় ​​দেৱগনৰ সৈতে ‘ৰেইড-২’ ছবিত দেখা গৈছিল, য’ত তেওঁৰ অভিনয়ক অতিশয় প্ৰশংসা কৰা হৈছিল। ছবিখনে বক্স অফিচতো ভাল প্ৰদৰ্শন কৰিছিল। এতিয়া বাণী কাপুৰে অ’টিটিৰ জগতখনত প্ৰৱেশ কৰিবলৈ ওলাইছে। শীঘ্ৰেই দৰ্শকৰ সন্মুখত আহিব বাণীৰ প্ৰথমখন ৱেব ছিৰিজ ‘মাণ্ডলা মাৰ্ডাৰ্ছ’। এই ক্ৰাইম-থ্ৰিলাৰ ছিৰিজৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে। এতিয়া অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে যে তেওঁলোকে কেতিয়া আৰু ক’ত ভানিৰ এই নতুন অৱতাৰটো চাব পাৰিব।

অ’টিটিৰ প্ৰথমখন ধাৰাবাহিক ‘মাণ্ডলা মাৰ্ডাৰছ’ৰ বাণী কাপুৰৰ প্ৰথম আভাস ওলাইছে। পোষ্টাৰখনত বাণীক অতি শক্তিশালী ষ্টাইলত হাতত বন্দুক লৈ থকা দেখা গৈছে। ইয়াৰ সমান্তৰালকৈ সুৰবীন চাওলা, বৈভৱ ৰাজ গুপ্তা আৰু শ্ৰিয়া পিলগাঁওকাৰৰ দৰে তাৰকাৰ আভাসো দেখা গৈছে। ধাৰাবাহিকখনৰ প্ৰথমখন পোষ্টাৰ শ্বেয়াৰ কৰি নিৰ্মাতাসকলে লিখিছে, প্ৰতিটো আশীৰ্বাদত এটা অভিশাপ লুকাই আছে, আৰু ইয়াৰ মূল্য দিবলৈ সময় এতিয়া ওচৰ চাপি আহিছে। ২৫ জুলাইৰ পৰা নেটফ্লিক্সত প্ৰিমিয়াৰ হ’ব ‘মাণ্ডলা মাৰ্ডাৰ্ছ’, যাৰ বাবে দৰ্শক অতিশয় উৎসাহিত।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande