আমিৰ খানৰ ছবি ‘সীতাৰে জমীন পৰ’ মুক্তি পোৱাৰ ১০ দিন হ’ল। ২০ জুনত চিনেমাগৃহত মুক্তি পোৱা ছবিখনে প্ৰথম দিনাৰ পৰাই দৰ্শকৰ মন জয় কৰি বক্স অফিচত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। এই পৰ্যন্ত ভাৰতত এই ছবিখনে ১২০ কোটিৰো অধিক উপাৰ্জন কৰিছে। বিশ্বব্যাপী বক্স অফিচত ইয়াৰ মুঠ উপাৰ্জন দ্ৰুতগতিত ২০০ কোটি টকাৰ পৰিসংখ্যাৰ দিশে আগবাঢ়িছে।
বক্স অফিচ ট্ৰেকাৰ চাকনিল্কৰ মতে আমিৰ খানৰ ছবি ‘সীতাৰে জমীন পৰ’ মুক্তিৰ দশম দিনা অৰ্থাৎ দ্বিতীয় দেওবাৰে ১৪.৫০ কোটি টকাৰ উজ্জ্বল উপাৰ্জন কৰে। ইয়াৰ লগে লগে ছবিখনৰ মুঠ ঘৰুৱা সংগ্ৰহ এতিয়া ১২২.৬৫ কোটি টকা হৈছেগৈ। কেৱল দেশতে নহয় বিদেশতো এই ছবিখনে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। এই পৰ্যন্ত বিশ্বব্যাপী বক্স অফিচত ‘সীতাৰে জমীন পৰ’ ছবিখনৰ মুঠ উপাৰ্জন ১৯৪ কোটি টকা হৈছেগৈ।
'সীতাৰ জমিন পৰ'ত আমিৰ খান আৰু জেনেলিয়া ডিছৌজা প্ৰথমবাৰৰ বাবে ৰূপালী পৰ্দাত দেখা দিছে। ছবিখনত জেনেলিয়াই আমিৰৰ পত্নী সুনীতাৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে আমিৰে এজন কুখ্যাত বাস্কেটবল প্ৰশিক্ষক গুলচনৰ চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখনৰ কাহিনী ডাউন চিণ্ড্ৰমৰ ওপৰত আধাৰিত আৰু ইয়াৰ পৰিচালনা আৰ এছ প্ৰসন্ন। আমিৰ খানে তেওঁৰ প্ৰাক্তন পত্নী কিৰণ ৰাওৰ সৈতে এই প্ৰজেক্টটো প্ৰযোজনা কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া