গোসাইগাঁৱৰ হাৰাপুটাত হুল দিৱস পালন: প্ৰমোদ বড়োৱে উন্মোচন কৰিলে চাওতাল বীৰ ছিধু- কানহুৰ প্ৰতিমূৰ্তি
গোসাইগাঁৱৰ হাৰাপুটাত হুল দিৱস(চাওতাল জাতীয় সংহতি দিৱস) পালন: প্ৰমোদ বড়োৱে উন্মোচন কৰিলে চাওতাল বীৰ ছিধু- কানহুৰ প্ৰতিমূৰ্তি ।
গোসাইগাঁৱৰ হাৰাপুটাত হুল দিৱস পালন: প্ৰমোদ বড়োৱে উন্মোচন কৰিলে চাওতাল বীৰ ছিধু- কানহুৰ প্ৰতিমূৰ্তি


কোকৰাঝাৰ, ৩০ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ হাৰাপুটাত আজি দিনজোৰা কাৰ্য্যসূচীৰে সদৌ চাওতাল ছাত্ৰ সন্থা চমুকৈ এছুৰ উদ্যোগত হুল দিৱস ( চাওতাল জাতীয় সংহতি দিৱস) পালন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি হাৰাপুটাত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নৱনিৰ্মিত চাওতাল বীৰ ছিধু- কানহুৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয় ৷ প্ৰতিমূৰ্তি উন্মোচন কৰে বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োই।

প্ৰতিমূৰ্তি উন্মোচন কৰি প্ৰমোদ বড়োই কয় যে আজিৰ দিনটো চাঁওতাল জনগোষ্ঠীৰ লগতে সকলো জনগোষ্ঠীৰ বাবে ঐতিহাসিক দিন। তেওঁ কয় যে বৃটিছৰ অপশাসন আৰু ভুল নিতিৰ বিৰুদ্ধে বীৰ ছিধু-কানহুৱে প্ৰথম বাৰৰ বাবে সংগ্ৰাম কৰিছিল । ইয়াৰ বাবে বিটিআৰ চৰকাৰে হুল দিৱসত সংৰক্ষিত (ৰেষ্ট্ৰিকটেট) বন্ধ ঘোষণা কৰাৰ লগতে প্ৰতি বছৰে এই দিবস পালনৰ বাবে পাঁচ লাখ টকা প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰে । ১৮৫৫ চনৰ ৩০ জুনত চাওতাল বিদ্ৰোহৰ সূত্ৰপাত ঘটিছিল আৰু সেই বিদ্ৰোহ ব্ৰিটিছৰ নিদ্ৰাহৰণ কৰিছিল। এই বিদ্ৰোহক দমন কৰিবলৈ ব্ৰিটিছে ছিধু-কানহুক হত্যা কৰে৷ এই ঐতিহাসিক ৩০ জুন তাৰিখটো চাওতাল জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ উদ্যোগত হুল দিৱস হিচাপে প্ৰতিবছৰে শ্ৰদ্ধাৰে উদযাপন কৰা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande