নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে গোলোকগঞ্জ আৰক্ষীৰ অভিযান, ধৃত ১
অভিযানত ব্ৰাউন ছুগাৰ সহ আটক কৰিলে এজন সৰবৰাহকাৰীক।
নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে গোলোকগঞ্জ আৰক্ষীৰ অভিযান, ধৃত ১


ধুবুৰী, ৩০ জুন (হি.স.): নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে গোলোকগঞ্জ আৰক্ষীৰ অভিযান চলে। অভিযানত ব্ৰাউন ছুগাৰ সহ আটক কৰিলে এজন সৰবৰাহকাৰীক।

প্ৰাপ্ত তথ্য মতে যোৱাকালি দেওবাৰে আবেলি এক গোপন সূত্ৰৰ আধাৰত ধুবুৰী আৰক্ষীৰ ডিএছপি কিশোৰ পাটোৱাৰীৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে গোলকগঞ্জৰ বানিয়ামাৰীৰ নৱ নিৰ্মিত ফ্লাই অভাৰৰ তলত চলাইছিল অভিযান। অভিযানত ৰফিকুল হক নামৰ এজন যুৱকক আটক কৰে। আটকাধীন যুৱক জনৰ পৰা আৰক্ষীয়ে ৭ টাকৈ ব্ৰাউন ছুগাৰ ভৰ্তি কন্টেনাৰ জব্দ কৰে। ধৃত ৰফিকুল হক বানিয়ামাৰীৰ জহিৰুল হকৰ পুত্ৰ।

উল্লেখ্য যে পূৰ্বেও এইজন যুৱক ড্ৰাগছ সৰবৰাহ কৰি জেল খাটিছিল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande