গোলকগঞ্জৰ ছাগলীয়াত নকল সোণ জব্দ, আটক ৩
গোলকগঞ্জৰ ছাগলীয়াত নকল সোন জব্দ ।
গোলকগঞ্জৰ ছাগলীয়াত নকল সোণ জব্দ, আটক ৩


ধুবুৰী, ৩০ জুন (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জৰ ছাগলীয়াত যোৱাকালি দেওবাৰে বিয়লি নকল সোণ জব্দ কৰা হৈছে। এই সন্দৰ্ভত ছাগলীয়া আৰক্ষীয়ে তিনিজন ব্যাক্তিক আটক কৰে। ধৃত তিনিজন ব্যক্তি হৈছে ধুবুৰী থানাৰ অন্তৰ্গত বেলেংগামাৰীৰ ছোৰহাব আলী, একে গাঁৱৰ ছাদেক আলী আৰু মাঝেৰচৰৰ সৰবেশ আলী। গাঁৱৰ সহজ সৰল ব্যক্তিক ঠগাবলৈ আহি ধৰা পৰিল আৰক্ষীৰ হাতত।

উল্লেখ্য যে এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জৰ ছাগলীয়া আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিকাশ প্ৰতীম মহন্তৰ নেতৃত্বত আৰক্ষীৰ এটি দলে ছোটো পোকালাগীত চলাইছিল অভিযান। অভিযানত নকল সোণ বিক্ৰী কৰিবলৈ অহা ধুবুৰী থানাৰ বেলেংগামাৰীৰ ছোৰহাব আলী, একে গাঁৱৰ ছাদেক আলী আৰু মাঝেৰচৰৰ সৰবেশ আলীক আটক কৰে ছাগলীয়া আৰক্ষীয়ে। আটকাধীন ব্যক্তি কেইজনৰ পৰা আৰক্ষীয়ে প্ৰায় ৮০০ গ্ৰাম নকল সোণ জব্দ কৰিবলৈ সক্ষম হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande