লণ্ডন, ৩০ জুন (হি.স.)। জুন মাহৰ শেষৰ ফালে চুক্তিৰ ম্যাদ উকলি যোৱাৰ পিছত দেওবাৰে এভাৰটন ফুটবল ক্লাবৰ তাৰকা ষ্ট্ৰাইকাৰ ডমিনিক কেলভাৰ্ট-লেউইনে ক্লাব এৰিব বুলি ঘোষণা কৰে। এতিয়া তেওঁ ফ্ৰী এজেণ্ট হিচাপে উপলব্ধ হ’ব।
২৮ বছৰীয়া কেলভাৰ্ট-লেউইনে ক্লাবটোক ৯টা ছিজন প্ৰতিনিধিত্ব কৰি মুঠ ২৭৪খন মেচত ৭১টা গ’ল দিছিল।
এই সিদ্ধান্ত তেওঁ ছ’চিয়েল মিডিয়াত এখন মুকলি চিঠিৰ জৰিয়তে শ্বেয়াৰ কৰে।
তেওঁ লিখিছে, এভাৰটন ফুটবল ক্লাব আৰু এভাৰটনিয়ানসকললৈ - যোৱা নটা আচৰিত বছৰৰ পিছত মই মোৰ পৰিয়ালৰ সৈতে মোৰ কেৰিয়াৰৰ নতুন অধ্যায় এটা আৰম্ভ কৰাৰ কঠিন সিদ্ধান্ত লৈছো।
তেওঁ আৰু লিখিছে, মোৰ বাবে এই সিদ্ধান্ত লোৱাটো সহজ নাছিল। ১৯ বছৰ বয়সত এই ক্লাবত ভৰি দিয়াৰ পৰাই ই মোৰ ঘৰ হৈ পৰিছে। এই ক্লাবে মোক এজন খেলুৱৈৰ লগতে এজন মানুহ হিচাপেও লালন-পালন, প্ৰত্যাহ্বান আৰু গঢ় দিছে।
তেওঁ লিখিছে, এই সিদ্ধান্ত কেৱল মোৰ নহয়, মোৰ পৰিয়ালৰ সৈতে দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত লোৱা হৈছে। আমি অনুভৱ কৰোঁ যে এতিয়াই হৈছে এটা নতুন প্ৰত্যাহ্বান আকোৱালি লোৱা আৰু আগবাঢ়ি যোৱাৰ উপযুক্ত সময়। অৱশ্যে ইয়াৰ ফলত এভাৰটনৰ সৈতে মোৰ সম্পৰ্ক কেতিয়াও হ্ৰাস নহয়।
২০১৯-২০ আৰু ২০২০-২১ চনত কেলভাৰ্ট-লেউইনৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ ছিজন আছিল। অৱশ্যে তেতিয়াৰ পৰাই তেওঁ আঘাতৰ সৈতে যুঁজিছে আৰু ৩৪খন লীগ মেচত মাত্ৰ ৭টা গ’লহে কৰিব পাৰিছিল। যোৱা ছিজনত তেওঁ প্ৰিমিয়াৰ লীগত ২৬খন মেচ খেলিছিল, ইয়াৰে ১৯ বাৰ তেওঁ আৰম্ভণি একাদশত অন্তৰ্ভুক্ত হৈছিল।
কেলভাৰ্ট-লেউইনক এজন যুৱ খেলুৱৈৰ পৰা অভিজ্ঞ ষ্ট্ৰাইকাৰলৈ বৃদ্ধি হোৱা দেখিবলৈ পোৱা এভাৰটন আৰু ইয়াৰ অনুৰাগীসকলৰ বাবে ই এক আৱেগিক বিদায় হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া