গোলাঘাট, ৩০ জুন (হি.স.)। গোলাঘাটত মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাহনত আক্ৰমণ কংগ্ৰেছ কৰ্মীৰ। মুখ্যমন্ত্ৰীৰ বাহনলৈ পানী বটল নিক্ষেপ, পানী বটল দলিওৱাৰ লগতে ক’লা পতাকা প্ৰদৰ্শন মুখ্যমন্ত্ৰীক। আক্ৰমণত জড়িত ৪ জনক আটক কৰা হৈছে৷
আটক এগৰাকী মহিলা সহ চাৰিজনক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটৰ পৰা নূমলীগড়লৈ গৈ থকাৰ সময়তে সংঘটিত হয় উক্ত আক্ৰমণৰ ঘটনাটো।
গীৰগাইৰ কেলেংকাৰী প্ৰসংগত মন্ত্ৰী বিধায়ক জৰিত থকাৰ অভিযোগত আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্য়স্ত কৰিছিল কংগ্ৰেছে। গোলাঘাটৰ কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখতো কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ। সেই সময়ত পথেৰে মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হৈ যোৱাৰ সময়তে সংঘটিত হয় উক্ত ঘটনা। মুখ্যমন্ত্ৰীৰ বাহনলৈ লক্ষ্য কৰি দলিওৱা পানীৰ বটল পৰে মন্ত্ৰী অতুল বৰাৰ গাড়ীত।
উক্ত ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘গোলাঘাটত পানী বটল নিক্ষেপ কৰা আৰু ক’লা পতাকা দেখুওৱা কংগ্ৰেছ দলৰ কৰ্মী সকলক সমবেদনা। পানী বটল মুখ্যমন্ত্ৰীৰ গাত লাগিলে আৰু ভাল আছিল।”
কংগ্ৰেছৰ মানুহে গীৰ গাইক লৈ প্ৰতিবাদ কৰাতকৈ কুৰবানী দিয়া বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীৰ সৈতে সহযোগ কৰিবলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ