শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ নৱনিৰ্মিত নাটঘৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে
অসমবাসীৰ কুশল মংগল কামনা কৰি ত্ৰিশূল মন্দিৰত প্ৰাৰ্থনা জনালে মুখ্যমন্ত্ৰীয়ে গুৱাহাটী, ৩০ জুন (হি.স.)। মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই আজি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উপস্থিত হৈ নৱনিৰ্মিত নাটঘৰৰ শুভ উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে নামঘৰত
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ নৱনিৰ্মিত নাটঘৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে


অসমবাসীৰ কুশল মংগল কামনা কৰি ত্ৰিশূল মন্দিৰত প্ৰাৰ্থনা জনালে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী, ৩০ জুন (হি.স.)। মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই আজি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উপস্থিত হৈ নৱনিৰ্মিত নাটঘৰৰ শুভ উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে নামঘৰত বন্তি প্ৰজ্বলনেৰে অসমবাসীৰ কুশল মংগল কামনা কৰি সেৱা আগবঢ়ায়। উল্লেখ্য যে, এই পৱিত্ৰ আধ্যাত্মিকস্থলী উন্নয়ন সাধনৰ অৰ্থে ৰাজ্য চৰকাৰে আগবঢ়োৱা আৰ্থিক বৰঙণিৰে ইতিমধ্যে অতিথি কক্ষ, মাহ প্ৰসাদ ধোৱা গৃহৰ নিৰ্মাণ আদিকে ধৰি কেইবাটাও কাম সম্পাদন হৈছে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড. শৰ্মাই আঠখেলীয়া নামঘৰ অসমৰ অতি পৱিত্ৰ স্থান বুলি অভিহিত কৰি কয় যে ৰাজ্য চৰকাৰৰ পুঁজিৰে এই নামঘৰটি অত্যন্ত সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। ইয়াৰ পৰিৱৰ্তিত কলেৱৰ দেখি আনন্দিত হোৱাৰ কথা ব্যক্ত কৰি তেঁও কয় যে ২০১১ চনত আঠখেলীয়া নামঘৰলৈ অহাৰ সময়ত এই নামঘৰৰ উন্নয়ন সাধনৰ বাবে ৰাজ্য চৰকাৰে সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল। নামঘৰ পৰিচালনা সমিতি তথা স্থানীয় বিধায়ক অজন্তা নেওগে ইয়াক অতি সুন্দৰভাৱে সজাই পৰাই তুলিছে বুলিও তেঁও কয়। তেওঁ লগতে কয় যে অসম এখন আধ্যাত্মিকভাৱে অতি পৱিত্ৰ ৰাজ্য। অসমৰ চুকে কোণে অজশ্ৰ আধ্যাত্মিক সম্পদৰাজি লুকাই আছে আৰু এই আধ্যাত্মিক সম্পদৰাজিৰ মাজতে অসমীয়া মানুহে জীয়াই থকাৰ শকতি লাভ কৰে বুলি তেওঁ মন্তব্য কৰে।

মুখ্যমন্ত্ৰীয়ে কয় য়ে অসমীয়া মানুহে ভক্তিৰসত ডুব গৈ নিজৰ জীৱনক আগুৱাই লৈ যায়। আঠখেলীয়াৰ দৰে প্ৰতিটো আধ্যাত্মিক অনুষ্ঠানত হোৱা জনসমাগমে সোঁৱৰাই দিয়ে যে অসমৰ ৰাইজে আধ্যাত্মিকতাক আদৰি লৈছে। নিজৰ নিজৰ জীৱন পৰিক্ৰমাত গুৰুজনাই দেখুৱাই যোৱা পথেৰে আগুৱাই যোৱাৰ বাবে প্ৰয়াস কৰে বুলিও তেওঁ কয়। তেওঁ আমাৰ ৰাজ্যখনৰ বিকাশ তথা সৰ্বাংগীণ উন্নয়নৰ বাবে আঠখেলীয়া নামঘৰৰ ভকতবৃন্দক প্ৰাৰ্থনা জনোৱাৰ বাবেও আহ্বান জনায়। ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালৰ জীৱনৰ পৰা যাতে দুখ দুৰ্দশা আঁতৰি যায় আৰু ৰাজ্যৰ সম্পদেৰে প্ৰতিটো পৰিয়াল উপকৃত হোৱাৰ লগতে সদায় ৰাজ্যখন শস্য শ্যামলা হৈ থাকে তাৰ বাবেও প্ৰাৰ্থনা জনাবলৈ তেওঁ আহ্বান জনায়। তেওঁ লগতে কয় যে সকলোৱে লগ হৈ শান্তিপূৰ্ণ আৰু এখন বিকশিত ৰাজ্য হিচাপে আগুৱাই লৈ যোৱাৰ দিশত অৱদান আগবঢ়াব লাগিব। মুখ্যমন্ত্ৰীয়ে পৰিচালনা সমিতিক আশ্বাস প্ৰদান কৰি কয় যে আঠখেলীয়া নামঘৰে ভৱিষ্যতে কিবা পৰিকল্পনা হাতত ললে অথবা ইয়াৰ বিকাশৰ বাবে নতুন চিন্তা চৰ্চা কৰিলে ৰাজ্য চৰকাৰক অৱগত কৰিবলৈ আহ্বান জনায়। তেওঁ এই ক্ষেত্ৰত অসম চৰকাৰে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলিও কয়।

আজিৰ এই অনুষ্ঠানত কৃষি আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, বিত্ত আদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক বিশ্বজিত ফুকনৰ উপৰি জিলা আয়ুক্ত পুলক মহন্ত প্ৰমুখ্যে গণ্য মান্য ব্যক্তি আৰু ভকতবৃন্দ উপস্থিত থাকে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীিয়ে গোলাঘাট জিলাৰ কাছাৰীহাটৰ বনগাঁৱত উপস্থিত হৈ ত্ৰিশূল মন্দিৰত বৈদিক ৰীতিনীতিৰে পূজা অৰ্চনাত ভাগ লৈ অসমবাসীৰ কুশল মংগল কামনা কৰি প্ৰাৰ্থনা জনায়। আজিৰ এই মন্দিৰ দৰ্শনৰ সময়ত কৃষি আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, বিত্ত আদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী, বিশ্বজিত ফুকনৰ উপৰি জিলা আয়ুক্ত পুলক মহন্ত প্ৰমুখ্যে গণ্য মান্য ব্যক্তি আৰু ভকতবৃন্দ উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande