জাগুন আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান
জাগুন আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
জাগুন আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান


তিনিচুকীয়া, ২৯ জুন (হি.স.): তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষীয়ে যোৱা কালি শনিবাৰে নিশা ড্ৰাগছ বিৰোধী অভিযান চলায় । অভিযানত ড্ৰাগছ সহ এগৰাকী মহিলা আৰু এজন পুৰুষক আটক কৰা হয় ।

আটকাধিন দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে জাগুনৰ জয়া কলিতা আৰু আঠ মাইল পাৰ্বতিপুৰৰ শিলাশ বাঘৱাৰ বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে জাগুন পাৰ্বৰতিপুৰ গাঁৱত অভিযান চলাই এএছ ২৩ এক্স ৩৪৩৮ নম্বৰৰ মটৰ চাইকেলসহ উদ্ধাৰ কৰে বুজন পৰিমাণৰ ড্ৰাগছ। সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande