এগৰাকী ছোৱালীক আক্ৰমণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ এজন অভিযুক্ত
গুৱাহাটী, ২৯ জুন (হি.স.)। গুৱাহাটী মহানগৰ দিছপুৰ আৰক্ষীয়ে এগৰাকী ছোৱালীক চোকা দাৰে আক্ৰমণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে এজন যুৱকক। শনিবাৰে আৰক্ষীয়ে জনোৱা মতে, থানা এলেকাত মঙলদৈৰ এগৰাকী কিশোৰীক বন্ধুৰ সৈতে চোকা দাৰে আক্ৰমণ কৰাৰ অভিযোগত অভিযুক্ত ৰাজু
युवती पर हमला करने के आरोप में एक ही गिरफ्तार


গুৱাহাটী, ২৯ জুন (হি.স.)। গুৱাহাটী মহানগৰ দিছপুৰ আৰক্ষীয়ে এগৰাকী ছোৱালীক চোকা দাৰে আক্ৰমণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে এজন যুৱকক। শনিবাৰে আৰক্ষীয়ে জনোৱা মতে, থানা এলেকাত মঙলদৈৰ এগৰাকী কিশোৰীক বন্ধুৰ সৈতে চোকা দাৰে আক্ৰমণ কৰাৰ অভিযোগত অভিযুক্ত ৰাজু বৰ্মন গ্ৰেপ্তাৰ কৰা হৈছে।

ধৃত অভিযুক্তই গণেশপুৰী বজাৰত দাৰে আক্ৰমণ কৰিছিল কিশোৰীগৰাকীক। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ দলটোৱে সেই স্থানত উপস্থিত হৈ আহত কিশোৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰে। বৰ্তমান কিশোৰীগৰাকী চিকিৎসাধীন হৈ আছে।

এই সন্দৰ্ভত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি অভিযুক্তক তীব্ৰ জেৰা অব্যাহত ৰাখিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande