শোণিতপুৰ, ২০ জুন (হি.স.)। এগৰাকী কিশোৰী আৰু এগৰাকী বৃদ্ধাক বলাৎকাৰৰ অভিযোগত অভিযুক্ত এজন যুৱকক যোৱা কালি বৃহস্পতিবাৰে নিশা গ্ৰেপ্তাৰ কৰিছে তেজপুৰ আৰক্ষীয়ে৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি কিছুদিন পূৰ্বে অভিযুক্ত মহেশ কলিতাই এগৰাকী কিশোৰীক বলাৎকাৰ কৰিছিল৷
উক্ত ঘটনা সন্দৰ্ভত তেজপুৰ আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল যদিও অভিযুক্ত ধৰা পৰা নাছিল৷ ডিপোতাত প্ৰকৃত ঘৰ হ’লেও কিছুদিন ধৰি পৰোৱাৰ এটা ভাড়া ঘৰত বাস কৰা মহেশৰ বিৰুদ্ধে পুনৰ এগৰাকী ৬০ বছৰীয়া মহিলাক বলাৎকাৰৰ অভিযোগ উত্থাপিত হয়৷ তেজপুৰ মিছনচাৰিআলিত এটা প্ৰতিষ্ঠানত কাম কৰা মহিলা গৰাকীক যুৱকজনে বলাৎকাৰ কৰা সন্দৰ্ভত তেজপুৰ সদৰ আৰক্ষী থানাত ৰুজু গোচৰৰ ভিত্তিত আৰক্ষীয়ে যোৱানিশা যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আজি অভিযুক্তজনৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে তদন্ত অব্যাহত ৰাখিছে৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ