শেহতীয়াকৈ আমিৰ খানৰ ছবি ‘সীতাৰে জমীন পৰ’ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। বলীউডৰ বহু অভিনেতাই এই প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে। ছলমান আৰু শ্বাহৰুখো আহে। দুয়োৰে লগত আমিৰৰ বিশেষ বন্ধুত্ব স্পষ্টকৈ দেখা গৈছিল। প্ৰদৰ্শনৰ সময়ত আমিৰৰ প্ৰেমিকা গৌৰী স্প্ৰেটে বিশেষ দৃষ্টি আকৰ্ষণ কৰে। গৌৰীৰ হাতত ধৰি সংবাদ মাধ্যমৰ সন্মুখলৈ আহিল আমিৰ। দুয়োজনে কেমেৰাৰ সন্মুখত পোজ দিলে। পিছত আমিৰৰ সৰু পুত্ৰ আজাদকো দুয়োৰে মাজত থিয় হৈ পোজ দিয়া দেখা গ’ল।
আমিৰে ৬০ বছৰীয়া জন্মদিনত সকলোৰে লগত চিনাকি কৰাই দিলে প্ৰেমিকাক। ৪৬ বছৰীয়া গৌৰীৰ লগত ২ বছৰ ধৰি ডেটিং কৰি আছে। শেহতীয়াকৈ আমিৰে প্ৰাক্তন পত্নীৰ সৈতে নহয় গৌৰীৰ সৈতে ‘সীতাৰে জমীন পৰ’ ছবিখনৰ প্ৰদৰ্শনত উপনীত হয়। তাইৰ হাতত ধৰি সি কেমেৰাৰ সন্মুখলৈ আহিল। গৌৰীয়ে পিন্ধিছিল এখন সেউজীয়া শাৰী য’ত তাইক ধুনীয়া দেখা গৈছিল। আমিৰ বগা ড্ৰেছ কোডত আছিল। পিছত আমিৰৰ সৰু পুত্ৰ আজাদো আহিল। তিনিওজনে কেমেৰাৰ সন্মুখত পোজ দিলে। বৰ্তমান এই ভিডিঅ'টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে।
কেৱল এয়াই নহয়, শ্বাহৰুখ খান আৰু ছলমান খানেও নিজৰ বন্ধুৰ স্ক্ৰীনিঙৰ বাবে হাত আগবঢ়াইছিল। শ্বাহৰুখে ছবিখনৰ ল’ৰা-ছোৱালীৰ সৈতে বহুত মজা কৰিছিল। ছালমানেও পাপাৰাজীৰ লগত ভাল মুডত কথা পাতি থকা দেখা গৈছিল।
অভিনেত্ৰী ৰেখা, অভিনেতা ভিকি কৌশল, জেনেলিয়া ডিছৌজা, ৰিতেশ দেশমুখ, ফাৰাহ খান, তমন্নাহ ভাটিয়া, হিমেশ ৰেশমীয়াইও ‘সীতাৰে জমীন পৰ’ প্ৰদৰ্শনত অংশগ্ৰহণ কৰে। আজিৰে পৰা ছবিখন সকলোতে মুক্তি লাভ কৰিছে।
हिन्दुस्थान समाचार / Monoj Kumar Saikia