বিৰোধী দলৰ বিৰোধিতাৰ বাবে নেপালৰ সংসদত বাতিল প্ৰধানমন্ত্ৰী অলিৰ ভাষণ
কাঠমাণ্ডু, ২০ জুন (হি.স.)। নেপালৰ সংসদত বিৰোধী দলৰ অবিৰত বাধাৰ বাবে আজি প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ সংসদত দিয়া ভাষণ বাতিল কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত বিৰোধী দলসমূহৰ প্ৰতিবাদ ৰোধ কৰিবলৈও অধ্যক্ষগৰাকীয়ে চেষ্টা কৰিছিল যদিও বিৰোধী দলসমূহে ন
संसद में प्रधानमंत्री ओली


কাঠমাণ্ডু, ২০ জুন (হি.স.)। নেপালৰ সংসদত বিৰোধী দলৰ অবিৰত বাধাৰ বাবে আজি প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ সংসদত দিয়া ভাষণ বাতিল কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত বিৰোধী দলসমূহৰ প্ৰতিবাদ ৰোধ কৰিবলৈও অধ্যক্ষগৰাকীয়ে চেষ্টা কৰিছিল যদিও বিৰোধী দলসমূহে নাকচ কৰি প্ৰতিবাদ অব্যাহত ৰখাৰ ঘোষণা কৰে।

নেপালৰ সংসদত চলি থকা বাজেট অধিৱেশনৰ সময়ত আজি প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে সাংসদসকলৰ প্ৰশ্নৰ উত্তৰ দিব লগা হয়। বাজেট অধিৱেশনৰ আৰম্ভণিৰে পৰা বিৰোধী দলসমূহে সাংসদসকলক অহৰহ বাধা প্ৰদান কৰি আহিছে। তাৰ ভিতৰত প্ৰধানকৈ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টি আৰু ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিয়ে বিৰোধিতা কৰে। মানৱ সৰবৰাহৰ গোচৰত জড়িত গৃহমন্ত্ৰীগৰাকীৰ পদত্যাগ দাবী কৰি বিৰোধী দলসমূহেও প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত প্ৰতিবাদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অধ্যক্ষ দেৱৰাজ ঘিমিৰে দুয়োটা বিৰোধী দলক ফোন কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত বাধা নিদিবলৈ অনুৰোধ জনায় যদিও দুয়োটা বিৰোধী দলে অধ্যক্ষৰ অনুৰোধ নাকচ কৰে।

ৰাষ্ট্ৰীয় স্বতন্ত্ৰ দলৰ ভাৰপ্ৰাপ্ত সভাপতি ডি পি আৰিয়ালে কয় যে আমি গৃহমন্ত্ৰীৰ পদত্যাগৰ দাবীৰ পৰা পিছুৱাই নাযাওঁ আৰু গৃহমন্ত্ৰীয়ে পদত্যাগ নকৰালৈকে সংসদত আমাৰ প্ৰতিবাদ অব্যাহত ৰাখিম। একেদৰে নেশ্যনেল ডেম’ক্ৰেটিক পাৰ্টিৰ মুখ্য হুইপ জ্ঞানেন্দ্ৰ শ্বাহীয়ে প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত দলটোৱে প্ৰতিবাদ কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰি কয় যে যেতিয়ালৈকে প্ৰধানমন্ত্ৰীয়ে নিজৰ গৃহমন্ত্ৰীক বৰ্খাস্ত নকৰে তেতিয়ালৈকে তেওঁৰ ভাষণ শুনি কোনো লাভ নাই। দুয়োটা দলৰ মনোভাৱৰ বাবে অৱশেষত সংসদত প্ৰধানমন্ত্ৰীৰ ভাষণ বাতিলৰ তথ্য প্ৰকাশ পাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande